অসম

আজিৰে পৰা বন্ধ হ’ব লীলাবাৰী-গুৱাহাটী বিমান সেৱা…

আজিৰে পৰা বন্ধ হ’ব লীলাবাৰী-গুৱাহাটী বিমান সেৱা

বিমান সেৱা আৰম্ভৰ ছমাহৰ পিচতেই বন্ধ হ’ল লীলাবাৰী-গুৱাহাটী বিমান সেৱা।

উল্লেখ্য যে, যোৱা ৪ নৱেম্বৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ফ্লেগঅফ কৰি ফ্লাইবিগ কোম্পানীৰ ৭২ আসনযুক্ত বিমানখনৰ সেৱা আৰম্ভ কৰিছিল।

মাত্র ৯৯৯ টকাত লখিমপুৰ-গুৱাহাটীৰ বিমান যাত্ৰাৰ সুবিধা লাভ কৰি উত্তৰ অসমৰ ৰাইজ উৎফুল্লিত হৈ পৰিছিল। প্রথমাৱস্থাত মঙলবাৰ, বৃহস্পতিবাৰ, শনি আৰু দেওবাৰে চলাচল কৰা বিমানখন পৰৱৰ্তী সময়ত দৈনিক চলাচল কৰিবলৈ লয়।

কিন্তু পর্যাপ্ত যাত্রী নোহোৱাৰ বাবে বিমানখন বাতিল কৰিব লগা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ৭২ আসনবিশিষ্ট বিমানখনত দৈনিক পঁচিশ-ত্রিশজন যাত্রীহে অহা যোৱা কৰে।

যাৰ বাবে বিমান সেৱা আগবঢ়োৱা কোম্পানীৰ তৰফৰ পৰা ৯৯৯ টকা ভাড়া ধার্য কৰা হৈছিল যদিও কার্যতঃ যাত্রীসকলে ২৫০০ ৰ পৰা ৩০০০ টকা ভৰিবলগা হৈছিল।

ইপিনে লীলাবাৰীৰ পৰা সন্ধিয়া ৬.৫৫ বাজত যাত্ৰাৰ সময় নিৰ্ধাৰণ কৰাটোও বিমানখনত পর্যাপ্ত যাত্রী নোহোৱাৰ এক কাৰণ হিচাপে চিহ্নিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *