আলফাৰ শিৱিৰত প্ৰাণ হেৰুওৱা অচিন্ত্য অসমৰ মৃতদেহ বিচাৰি পৰেশ বৰুৱাক আহ্বান পৰিয়ালৰ…

নিউজ ডেস্কঃ স্বাধীনৰ অসম বিচাৰি যুঁজ দি সেনাৰ গুলীত প্ৰাণ হেৰুৱালে আন এগৰাকী অসমীয়াই। আলফা স্বাধীনে এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া মতে, ৯ আগষ্টৰ পুৱতি নিশা প্ৰায় ৩ বজাত সেনাৰ সৈতে সংঘৰ্ষকালত গুৰতৰভাৱে আহত হৈছিল ছাৰ্জেন্ট মেজৰ ইয়াংখু অসম ওৰফে অচিন্ত্য মৰাণ।

photo1661433860
আলফাৰ শিৱিৰত প্ৰাণ হেৰুওৱা অচিন্ত্য অসমৰ মৃতদেহ বিচাৰি পৰেশ বৰুৱাক আহ্বান পৰিয়ালৰ… 4

আলফাৰ শিৱিৰত চিকিৎসাধীন হৈ থকা সময়তে বৃহস্পতিবাৰে মৃত্যু ঘটে আলফা স্বাধীনৰ কেডাৰজনৰ। ইয়াৰ পিছতে শোক প্ৰকাশ কৰি প্ৰেছ বিজ্ঞপ্তি জাৰি কৰে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনে।

২০১৬ চনৰ এপ্ৰিল মাহত ফুৰিবলৈ যাম বুলি ঘৰৰ পৰা ওলাই গৈ আলফা স্বাধীনত যোগদান কৰিছিল তিনিচুকীয়া জিলাৰ ধলা থানাৰ অন্তৰ্গত হাঁহখাটি নেপালী গাঁৱৰ অন্তৰ্গত মালভোগ গাঁৱৰ অচিন্ত্য মৰাণে। তাৰ পিছতে আলফা শিৱিৰৰ এজন নিষ্ঠাবান কেডাৰ হৈ পৰিছিল অচিন্ত্য।

photo1661434745
আলফাৰ শিৱিৰত প্ৰাণ হেৰুওৱা অচিন্ত্য অসমৰ মৃতদেহ বিচাৰি পৰেশ বৰুৱাক আহ্বান পৰিয়ালৰ… 5

আলফা স্বাধীনলৈ যোৱাৰ পিছৰে পৰা পৰিয়ালৰ সৈতে সংযোগ নোহোৱা হৈছিল অচিন্ত্য মৰাণ ওৰফে ইয়াংখু অসমৰ। কিন্তু এতিয়া যুৱকজনৰ মৃত্যুৰ খবৰ লাভ কৰিয়েই শোকত ভাগি পৰিছে তেওঁৰ পৰিয়াল।

photo1661433440
আলফাৰ শিৱিৰত প্ৰাণ হেৰুওৱা অচিন্ত্য অসমৰ মৃতদেহ বিচাৰি পৰেশ বৰুৱাক আহ্বান পৰিয়ালৰ… 6

সুদীৰ্ঘ কাল চকুৰ পৰা আঁতৰত থাকি পৰিয়ালৰ সংগোপনেই মৃত্যুক সাৱটি লোৱা অচিন্ত্য অসমৰ শৱ দেহ পৰিয়ালক গতাই দিবলৈ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান জনাইছে পৰিয়ালে। মৰমৰ কনিষ্ঠ ভাতৃক হেৰুৱাই কান্দোনত ভাগি পৰিছে অচিন্ত্য অসমৰ ককায়েকো।

উল্লেখ্য যে, সেনাৰ গুলীত নিহত হোৱা আলফাৰ নিষ্ঠাবান কেডাৰ অচিন্ত্য অসম ওৰফে ইয়াংখু অসমক মৰোণত্তৰভাৱে অমৰ মৃতক ঘোষণা কৰিছে আলফা স্বাধীনে।