
সন্মুখত বিধানসভা নিৰ্বাচন! মুখ্যমন্ত্ৰী পদৰ পিছত ত্ৰিপুৰা বিজেপিৰ সভাপতিৰ আসন হেৰুৱালে বিপ্লৱ কুমাৰ দেৱে
সন্মুখত ত্ৰিপুৰা বিধানসভা নিৰ্বাচন।
ত্ৰিপুৰা বিজেপিৰ সভাপতি পদৰ পৰা অপসাৰণ বিপ্লৱ কুমাৰ দেৱক।
মুখ্যমন্ত্ৰী পদৰ পিছত এইবাৰ ত্ৰিপুৰা বিজেপিৰ সভাপতিৰ আসন হেৰুৱালে বিপ্লৱ কুমাৰ দেৱে।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নিযুক্তি মৰ্মে ত্ৰিপুৰা বিজেপিৰ নতুন সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৰাজীৱ ভট্টাচাৰ্যক।

উল্লেখ্য যে মঙ্গলবাৰে গুৱাহাটীত অনুষ্ঠিত হৈছিল ত্ৰিপুৰা ৰাজনীতিৰ গুৰুত্বপূৰ্ণ বৈঠক।
বি এল সন্তোষ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰিছে দলৰ হাইকামাণ্ডে।





