শোকাৱহ! মৰণা মৰা ট্ৰেক্টৰৰ চকাৰ তলত পিষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে অংকুৰ শ্ৰেণীৰ ছাত্ৰই…

এক শোকাৱহ ঘটনা।

মৰণা মৰা ট্ৰেক্টৰৰ চকাৰ তলত পিষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে অংকুৰ শ্ৰেণীৰ ছাত্ৰই

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ মৈৰাকুছী গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো।

মৈৰাকুছী গাঁৱৰ শিশু গৰাকীৰ বয়স ৫ বছৰ বুলি জানিব পৰা গৈছে।

নিহত শিশুটি কবিৰ হুছেনৰ পুত্ৰ তথা আইৰকাটা শিশু কল্যাণ জাতীয় বিদ্যালয়ৰ অংকুৰ শ্ৰেণীৰ ছাত্ৰ নুৰ হুছেইন।

উল্লেখ্য যে, ধান মৰণা মাৰি থকা অৱস্থাত ট্ৰেক্টৰৰ চকাৰ তলত পৰি গুৰুতৰভাৱে আহত হয় কণমানি নুৰ হুছেইন।

আহত শিশুটিক সংকটজনক অৱস্থাত গোৱালপাৰা চিকিৎসালয়লৈ নিয়া হয় যদিও আদবাটতে কণমানিটিয়ে মৃত্যু হয়।

এই মৰ্মান্তিক দুৰ্ঘটনাৰ ফলত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।