আমি অসমীয়া হৈ জীয়াই থাকিবলৈ ভাল ভাৰতীয় হ’ব লাগিবঃ মুখ্যমন্ত্ৰী…

অস্তিত্বৰ সংকটত অসমীয়াৰ পৰিচয়, কমি আহিছে অসমীয়াৰ সংখ্যা। সেয়ে আমি ভাল ভাৰতীয় হ’ব লাগিব।

দেওবাৰে অসমীয়া জাতিৰ ভৱিষ্যতক লৈ এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে।

তেওঁ কয়- ‘অসমীয়া জাতিৰ সন্মুখত ভয়ংকৰ প্ৰত্যাহ্বান৷ আৰু ৩০ বছৰ ভালদৰে জীয়াই থকিব লাগিব অসমীয়া জাতি৷ জনগাঁথনি সমস্যাই বৃহৎ প্ৰত্যাহ্বান অসমীয়া জাতিৰ সন্মুখত৷ NRC, সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়াৰে ১০ বছৰ জীয়াই থাকিব৷ কিন্তু সেয়া দিঘলীয়া নহয়।’

তেওঁ লগতে কয়- ‘ভয়ংকৰ হাৰত হ্ৰাস পাইছে অসমীয়া লোকৰ সংখ্যা৷ বিপৰীতে চৰ চাপৰি অঞ্চলত অধিক হাৰত জনসংখ্যা৷ পিছে ইয়াৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ আইন শেষ সমাধান হ’ব নোৱাৰে।

সেয়ে মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী অসমীয়াক প্ৰকৃত ভাৰতীয় হবলৈ আহ্বান জনাই।

প্ৰকৃত ভাৰতীয় হ’লে জাতি জীয়াই থাকিব অসমীয়া৷ নহ’লে অসমীয়াৰ সন্মুখত ভয়ংকৰ বিপদ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

Leave a Comment