অসম

ৰাজ্যসভাৰ নিৰ্বাচনত কোনো দলে হুইপ জাৰি কৰিব নোৱাৰেঃ অধ্যক্ষ বিশ্বিজিৎ দৈমাৰী

ৰাজ্যসভাৰ নিৰ্বাচনত কোনো দলে হুইপ জাৰি কৰিব নোৱাৰে।

এই মন্তব্য কৰিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।

ৰাজ্যসভাৰ নিৰ্বাচনত হুইপ জাৰি কৰা সম্পৰ্কত মত প্ৰকাশ কৰি ৰাজ্যসভাৰ সংবিধানে হুইপ জাৰি কৰাৰ অধিকাৰ নিদিয়ে বুলি উল্লেখ কৰে বিশ্বজিৎ দৈমাৰীয়ে।

লগতে হুইপ জাৰি কৰা দল সমূহে বিপদত পৰিব বুলিও দৈমাৰীয়ে সকীয়নি প্ৰদান কৰে।

বিধায়ক সকলে নিজৰ পচন্দ অনুসৰি ৰাজ্যসভাৰ নিৰ্বাচনত ভোটদান কৰিলে বিধায়ক পদ খাৰিজ নহয় বুলিও বিশ্বজিত দৈমাৰীয়ে উল্লেখ কৰে।

বিশ্বজিত দৈমাৰীয়ে কয়- ‘বিধানসভাৰ কোনো সদস্যৰ বিধায়ক পদ খাৰিজ কৰিব লাগিলে সেয়া অধ্যক্ষই খাৰিজ কৰে কিন্তু ৰাজ্যসভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত বিধানসভাৰ অধ্যক্ষই বিধায়ক পদ খাৰিজ কৰিব নোৱাৰে।’

কামৰূপৰ কৰৰাত বৰদলৈ ট্ৰফীৰ এখন খেল উদ্বোধন কৰিবলৈ গৈ এই মন্তব্য কৰিছে বিধানসভাৰ অধ্যক্ষগৰাকীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *