আন এক শ্ৰদ্ধা কাণ্ড! নিজৰ পেহীয়েকক নৃশংসভাৱে হত্যা কৰি টুকুৰা টুকুৰকৈ কাটিলে ভতিজাকে, তাৰ পিছত দাখিল কৰিলে নিৰুদ্দেশৰ এজাহাৰ…

নিউজ ডেস্কঃ সমগ্ৰ দেশ জোকাৰি যোৱা শ্ৰদ্ধা হত্যা কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই সংঘটিত হ’ল আন এক অনুৰূপ ঘটনা।

এইবাৰ নিজৰ পেহীয়েককক হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি পথৰ দাঁতিত পেলাই দিলে যুৱকে।

আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অনুজ শৰ্মা নামৰ ৰাজস্থানৰ অভিযুক্তজনক।

জানিব পৰা মতে, ৰাজস্থানৰ নিৱাসী অনুজে দিল্লীত সংঘটিত কৰিছিল এই হত্যাকাণ্ড।

হাতুৰীৰে মৰিয়াই নিজৰে পেহীয়েকক নৃশংসভাৱে হত্যা কৰাৰ পিছত মাৰ্বল কাটাৰেৰে টুকুৰা টুকুৰ কৰিছিল পেহীয়েকৰ নিথৰ দেহ।

তাৰ পিছতে হত্যাকাৰী অনুজে দেহৰ টুকুৰাবোৰ বস্তাৰ ভিতৰত ভৰাই পেলাই দিছিল দিল্লী সংযোগী ঘাইপথৰ দাঁতিত।

ইফালে এই হত্যাকাণ্ড সংঘটিত কৰি নিজেই ১১ ডিচেম্বৰত আৰক্ষীৰ ওচৰত পেহীয়েকৰ নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল হত্যাকাৰী যুৱকজনে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাওতেই পোহৰলৈ আহে সমগ্ৰ কাণ্ড।

ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী অনুজ শৰ্মাক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

কিন্তু অনুজে কিয় এই হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

উল্লেখ্য যে, বিগত মাহত নিজৰ প্ৰেয়সী শ্ৰদ্ধা ৱাকাৰক নৃশংসভাৱে হত্যা কৰি ৩৫ টুকুৰাকৈ কাটি দিল্লীৰ বিভিন্ন প্ৰান্তত পেলাই দিছিল আফতাব পুনাৱালা নামৰ অভিযুক্তজনে।

বৰ্তমান তিহাৰ জে’লত কাৰাবন্দী হৈ আছে আফতাব।