অসমীয়াৰাষ্ট্ৰীয়

আজৱ ঘটনা! সোণ-ৰূপ, হাতী-ঘোঁৰা নহয়, দৰাক যৌতুকত বুলড’জাৰ প্ৰদান কৰিলে কইনাৰ পিতৃয়ে, চৰ্চাত এখন বিয়া…

নিউজ ডেস্কঃ বুলড’জাৰ! বৰ্তমানৰ ভাৰতীয় ৰাজনীতিত এটা খুবেই পৰিচিত শব্দ বুলড’জাৰ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰতীক চিহ্ন হৈ পৰা এই বুলড’জাৰে ইতিমধ্যেই দখল কৰি আহিছে বাতৰিৰ শিৰোনাম।

শেহতীয়াকৈ গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰচাৰতো বিশেষ চৰ্চিত সম্পদ হৈ পৰিছিল বুলড’জাৰ।

image 102

কিন্তু বিয়াৰ যৌতুকত সোণ-ৰূপ, গাড়ী-টিভিৰ পৰিৱৰ্তে দৰাক যদি বুলড’জাৰ প্ৰদান কৰা হয়, তেন্তে সেয়া শুনি আপুনি আচৰিত নহ’বনে?

কিন্তু শেহতীয়াকৈ সংঘটিত হ’ল এনেই এক ঘটনা। স্বাভাৱিকতে বিয়াৰ স্থান উত্তৰ প্ৰদেশ।

উত্তৰ প্ৰদেশৰ সুমেৰপুৰৰ এখন বিয়াত কইনাৰ পিতৃয়ে বুলড’জাৰ যৌতুকত প্ৰদান কৰিলে দৰাক।

এই ঘটনাই এতিয়া লাভ কৰিছে যথেষ্ট চৰ্চা।

image 103

জানিব পৰা মতে, সুমেৰপুৰ গাঁৱৰ নিৱাসী অৱসৰপ্ৰাপ্ত সেনা বিষয়া পৰশুৰামৰ কন্যা নেহা আৰু যোগেন্দ্ৰ ওৰফে যোগী প্ৰজাপতিৰ বিয়াখন অলপতে সম্পন্ন হৈ যায়।

এই বিয়াখনতে কইনাৰ পিতৃ পৰশুৰামে সোণ-ৰূপৰ গহনা অথবা হাতী-ঘোঁৰাৰ পৰিৱৰ্তে দৰাৰ হাতত তুলি দিয়ে বুলড’জাৰৰ ছাবি।

বিয়াত যৌতুক হিচাপে দৰাক বুলড’জাৰ প্ৰদান কৰাৰ এই আজৱ ঘটনাই এতিয়া সামাজিক মাধ্যমতো সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।