আন এক কৰুণ মৃত্যু! জিমত শৰীৰ চৰ্চাৰ সময়তে হঠাৎ ঢলি পৰি মৃত্যু আৰক্ষী কনিষ্টবল বিশালৰ…

নিউজ ডেস্কঃ বিশ্বজুৰি বৃদ্ধি পোৱা আকস্মিক মৃত্যৰ শোকাবহ ঘটনাৰ মাজতে পুনৰ শৰীৰ চৰ্চাৰ সময়তে মৃত্যুৰ কোলাত শুই পৰিল এগৰাকী আৰক্ষী কনিষ্টবল।

এই শোকাবহ ঘটনা সংঘটিত হৈছে হায়দৰাবাদত।

জিমত শৰীৰ চৰ্চা কৰি থকাৰ সময়তে বৃহস্পতিবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে ২৪ বৰ্ষীয় আৰক্ষী কনিষ্টবল বিশালৰ।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰক্ষী কনিষ্টবলগৰাকীৰ আকস্মিক মৃত্যুৰ ভিডিঅ’।

জানিব পৰা মতে, ব’ৱেনপল্লীৰ বাসিন্দা তথা আছিফ নগৰ আৰক্ষী থানাৰ কনিষ্টবল বিশালে বৃহস্পতিবাৰে সন্ধিয়া এটা জিমত শৰীৰ চৰ্চা কৰি আছিল।

কিন্তু ব্যায়ামৰ সময়তে হঠাৎ মজিয়াত ঢলি পৰে বিশাল।

জিমত সেই সময়ত উপস্থিত থকা আন লোকে বিশালক হাস্পতাললৈ লৈ যায় যদিও হৃদক্ৰিয়া বন্ধ হৈ কনিষ্টবলগৰাকীৰ মৃত্যু ঘটা বুলি ঘোষণা কৰে চিকিৎসকে।