অসমঅসমীয়া

আনৰ পিঠিত উঠি বান চাবলৈ যােৱা বিজেপি বিধায়কক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে?

নিউজ ডেস্ক। ৰাজ্যৰ লাখ লাখ লােক বানপানীত ককবকাই থকাৰ সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে লামডিঙৰ বিজেপি বিধায়ক শিবু মিশ্ৰৰ এটা ভিডিঅ’।

দামী পোছাক, দামী জোতা পিন্ধি ভোকে-পিয়াহে থকা বন্যাৰ্তৰ খবৰ ল’বলৈ গৈছে বিধায়কগৰাকীয়ে। আৰু সেই সময়তে তেওঁ সংঘটিত কৰিছে এক লজ্জাজনক কাণ্ড!

p5 2

পানী গচকিব নোৱাৰা বিধায়কগৰাকীয়ে এগৰাকী সাংবাদিকৰ বোকোচাত উঠিয়েই আৰম্ভণি ঘটাইছে বান পৰিদৰ্শন যাত্ৰাৰ।

মাত্ৰ ২০ গজ দূৰত্বত থকা নাওখনলৈও পানী গচকি আহিব নোৱাৰে শিবু মিশ্ৰই। যাৰ বাবে তেওঁ সহায় ল’বলগীয়া হৈছে বন্যাৰ্তৰ বাতৰি যুগুতোৱাত ব্যস্ত এগৰাকী সাংবাদিকৰ।

এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত তীব্ৰ সমালােচনাৰ সন্মুখীন হৈছে বিধায়ক শিবু মিশ্ৰ।

ইপিনে, এই ঘটনাক লৈ সাংবাদিকৰ প্ৰশ্ন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

photo1652948043

তেওঁ কয় যে তেওঁ (বিধায়কগৰাকী) পিঠিত উঠি গৈছে, কিন্তু তেওঁ কােনােবাক পিঠিত উঠাই ল’ব লাগে ভৱিষ্যতত। বিধায়ক আনৰ পিঠিত উঠিলে নহ’ব, তেওঁহে আনক নিজৰ পিঠিত উঠাবলৈ সাজু থাকিব লাগিব।

লগতে চাওকঃ

নিৰাপত্তাৰক্ষীয়েও বাধা দিব নোৱাৰিলে এগৰাকী ছাত্ৰীক! মুখ্যমন্ত্ৰীৰ ওচৰত উচুপি উঠিল মিনাক্ষী, কিন্তু কিয়..

minakshui bora meet CM

Leave a Reply

Your email address will not be published. Required fields are marked *