চৰকাৰী ঘৰৰ ক্ষেত্ৰত দুৰ্নীতিৰ উমান পালেই এইটো নম্বৰত ফোন কৰি দিব পাৰিব অভিযোগ…

সততে ৰাজ্যৰ পঞ্চায়ত সমূহত বিভিন্ন দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ থাকে।

পঞ্চায়তৰ বিভিন্ন আঁচনিৰ নামত একাংশ দালালে সাধাৰণ আঁচনিৰ অন্তৰ্ভূক্ত কৰাৰ নামত কৰি আহিছে দুৰ্নীতি।

পঞ্চায়তৰ দুৰ্নীতিক লৈ এইবাৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

এই সন্দৰ্ভত তেওঁ কয়- ঘৰৰ নামত কোনেও কাকো এটকাও নিদিব। কোনোবাই মাজত যদি ঘৰৰ টকা ঘোচ হিচাপে লয় তেন্তে জে’ললৈ যাব লাগিব।

মুখ্যমন্ত্ৰীয়ে কয়- প্ৰথম কিস্তিৰ ধন গৃহ নিৰ্মাণৰ নামত খৰচ নকৰিলে বাকী কেইটা কিস্তি লাভ নকৰিব। তিনিটা কিস্তিত ৰাইজে লাভ কৰিব প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহনিৰ্মাণৰ ধন।

লগতে কোনোবাই ঘৰ দিয়াৰ নামত টকা বিচাৰিলে লগে লগে বিধায়ক, উপায়ুক্তক অভিযোগ দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী শৰ্মাই।

চৰকাৰী ঘৰৰ ক্ষেত্ৰত দুৰ্নীতিৰ উমান পালেই 1800123235600 নম্বৰত ফোন কৰি অভিযোগ দিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।

লগতে অভিযোগ পালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

Leave a Comment