অসমীয়াঅসম

নিৰাপত্তাৰক্ষীয়েও বাধা দিব নোৱাৰিলে এগৰাকী ছাত্ৰীক! মুখ্যমন্ত্ৰীৰ ওচৰত উচুপি উঠিল মিনাক্ষী, কিন্তু কিয়..

নিউজ ডেস্কঃ ২০০৮ চনৰ অভিশপ্ত ৩০ অক্টোবৰৰ সেই ধাৰাবাহিক বিস্ফোৰণ এক মচিব নোৱাৰা বিষাদ হিচাপেই থাকি গ’ল অসমীয়াৰ বুকুত। অভিশপ্ত দিনটোত প্ৰাণ হেৰুৱালে ডজনৰো অধিক লোকে। চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰিল অৰ্ধশতাধিক লোক! সেই ভয়ংকৰ দিনটোৰ স্মৃতি মনত পৰিলে আজিও অন্তৰ কঁপি উঠে অসমবাসীৰ।

১৪ বছৰ পূৰ্বে সেই অভিশপ্ত দিনটোৱেই কালসন্ধ্যা নমাই আছিল যোৰহাটৰ এটা পৰিয়াললৈও। বিস্ফোৰণত গুৰুতৰভাৱে আহত হোৱা যোৰহাটৰ সেই ব্যক্তিজনে অৱশেষত চিকিৎসাৰ অভাৱত হেৰুৱাবলগীয়া হৈছিল প্ৰাণ। তেওঁৰেই জীয়াৰী মিনাক্ষী বৰা। বৰ্তমান যোৰহাটৰ জে বি কলেজৰ ছাত্ৰী মিনাক্ষী।

photo1652953228

অকালতে পিতৃক হেৰুৱাই তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হোৱা মিনাক্ষীয়ে আজি যোৰহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ পালে ওচৰৰ পৰা। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত নিয়োজিত আৰক্ষীৰ বাধা নেওচি ছাত্ৰীগৰাকীয়ে অৱশেষত লগ কৰিবলৈ সক্ষম হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। তাৰ পিছতে মুখ্যমন্ত্ৰীৰ সন্মুখত নিজৰ অবৰ্ণনীয় দুখ ব্যক্ত কৰি উচুপি উঠে মিনাক্ষীয়ে।

দৰাচলতে আজি যোৰহাটৰ এখন সভাত অংশ ল’বলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেই সময়তে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাবেষ্টনী পাৰ কৰি তেওঁক লগ কৰিবলৈ সক্ষম হয় মিনাক্ষীয়ে। মুখ্যমন্ত্ৰীৰ হাতত এখন আবেদন তুলি দি উচুপি উঠে জে বি কলেজৰ পিতৃহাৰা ছাত্ৰীগৰাকীয়ে।

photo1652953151

মিনাক্ষী বৰাই মুখ্যমন্ত্ৰীক জানিবলৈ দিয়া মতে, ২০০৮ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল তেওঁৰ পিতৃ। কিন্তু পৰিয়ালৰ আৰ্থিক অভাৱৰ বাবে পৰৱৰ্তী সময়ত অসুস্থ পিতৃৰ চিকিৎসা কৰাত ব্যৰ্থ হয় পৰিয়ালটো। যাৰ বাবে অকাল মৃত্যুক সাৱটিবলগীয়া হ’য় পিতৃয়ে।

বিস্ফোৰণত আহত হৈ মৃত্যু ঘটা পিতৃৰ ক্ষতিপূৰণ হিচাপে চাৰি বছৰ পিছত ৫০ হাজাৰ টকা লাভ কৰিছিল পৰিয়ালটোৱে। কিন্তু সেয়া যথেষ্ট নাছিল পৰিয়ালটোৰ বাবে।

https://youtube.com/watch?v=Z6gTrX6ZwjA

পিতৃ চিকিৎসাধীন হৈ থকা সময়ত লোৱা ধাৰত এতিয়া ডিঙিলৈকে পোত গৈছে মিনাক্ষী আৰু তেওঁৰ পৰিয়াল। যাৰ বাবে উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰীৰ সহায় বিচাৰি এনেদৰে নিৰাপত্তা ভেদি মুখ্যমন্ত্ৰীৰ ওচৰত উপস্থিত হয় ছাত্ৰীগৰাকী।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মিনাক্ষীৰ মাতৃৰ সৈতেও কথা পাতে আৰু আবেদনখন গ্ৰহণ কৰি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক তেওঁলোকৰ ঘৰলৈ প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে বেংক একাউণ্টযোগে পৰিয়ালটোক মুখ্যমন্ত্ৰীৰ ফালৰ পৰা সাহায্য প্ৰদানৰো প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *