অসমঅসমীয়া

সাত বিহুৰ পিছত পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান বিজেপিৰ, স্মাৰক পত্ৰ প্ৰদান

নিউজ ডেস্ক। বিহুৰ আনন্দ-উছাহৰ মাজতে অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন।

ৰাজ্যিক নিৰ্বাচন আয়োগে বুধবাৰে সংবাদ মেল সম্বোধন কৰি অহা ১৯ এপ্ৰিলত পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ঘোষণা কৰিছিল।

সাত বিহুৰ মাজত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া।

23 03 22 Guwahati Alok Kumar Press Meet 2
UB Photos

যোৱা দুটা বছৰ কোভিড অতিমাৰীৰ বাবে প্ৰায় ঘৰতে আৱদ্ধ হৈ থকা অসমীয়া জাতিটো এইবাৰ ব’হাগৰ বিহুৰ বাবে কঁকালত টঙালি বান্ধি সাজু হৈছে।

তাৰ মাজতে নিৰ্বাচন আয়োগে সাতবিহুৰ ভিতৰত নিৰ্বাচনৰ তাৰিখ ঘোষণাক লৈ বিভিন্নজনে বিভিন্নধৰণেৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

G8 7

ইফালে ৰাজ্যিক বিজেপিও বিহুৰ মাজত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে নিৰ্বাচনৰ তাৰিখ পিছুৱাবলৈ আহ্বান জনায় ৰাজ্যিক নিৰ্বাচন আয়োগক।

বিজেপিৰ প্ৰতিনিধি দলে বৃহস্পতিবাৰে ৰাজ্যিক নিৰ্বাচনী বিষয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰি পৌৰ নিগমৰ নিৰ্বাচন ১৯ এপ্ৰিলৰ পৰিৱৰ্তে ২১ এপ্ৰিলৰ পিছত অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *