ভাল খবৰঃ ৩.৮০ কোটি টকাত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিবদ্ধ হ’ল ৰিয়ান পৰাগ…

অসম ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ!

৩.৮০ কোটি টকাত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিবদ্ধ হ’ল অসম সন্তান ৰিয়ান পৰাগ।

বেংগালুৰুত চলি থকা আই পি এল নিলামৰ প্ৰথম দিনা অসমৰ ৰিয়ান পৰাগক ৩ কোটি ৮০ লাখত ক্ৰয় কৰিলে ৰাজস্থান ৰয়েলছ।

ৰিয়ান পৰাগৰ প্ৰাৰম্ভিক মূল্য আছিল ৩০ লাখ।

অলৰাউণ্ডাৰ ৰিয়ান পৰাগৰ ক্ৰয় কৰিবলৈ গুজৰাট টাইটানছ আৰু ৰাজস্থানৰ মাজত যুঁজ চলা পৰিলক্ষিত হৈছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বৰ ছিজন সমূহতো ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছ দলৰ হৈ খেলিছিল।

Leave a Comment