আজৱ কাণ্ড! ডেংগু আক্ৰান্ত ৰোগীক তেজ বুলি ব্লাড বেংকে প্ৰেৰণ কৰিলে মৌচুমীৰ ৰস…

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশত ডেংগুৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে সংঘটিত হ’ল এক আজৱ ঘটনা।

ডেংগু আক্ৰান্ত ৰোগীত তেজ বুলি স্থানীয় ব্লাড বেংকে মৌচুমী টেঙাৰ ৰস প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰোগীৰ আত্মীয়ই।

এই অভিযোগ উত্থাপন হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

অৱশ্যে এই অভিযোগৰ সত্যতা এতিয়াও নিৰূপণ হোৱা নাই।

অভিযোগ অনুসৰি, প্ৰয়াগৰাজৰ ঝলৱাস্থিত গ্লোবেল হাস্পতালত চিকিৎসাধীন হৈ থকা এজন ডেংগু আক্ৰান্ত ৰোগীক প্লাজমা প্ৰেৰণৰ সময়ত স্থানীয় ব্লাড বেংকে প্ৰেৰণ কৰে মৌচুমী টেঙাৰ ৰস।

ৰোগীৰ পৰিয়ালে এই অভিযোগ উত্থাপন কৰাৰ পিছতে সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ এটা দল গঠন চৰকাৰে গঠন কৰা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ছীল কৰা হৈছে হাস্পতালখনো।

ইফালে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই অভিযোগৰ এটা ভিডিঅ’।

ভিডিঅ’টোত দেখা পোৱা মতে, ব্লাড পেকৰ ভিতৰত হালধীয়া ৰঙৰ মৌচুমীৰ ৰস আছে।

ভিডিঅ’টোত এজন ব্যক্তিয়ে কৈছে যে প্লাজমাৰ নাটনি হ’লে মুছাম্বীৰ জুচ যোগান ধৰাৰ চক্ৰৰ আঁৰত স্বাস্থ্য সেৱাও আছে।

অন্যহাতে মহাপৰিদৰ্শক ৰাকেশ সিঙে সংবাদ মাধ্যমক জনোৱা মতে, ভুৱা প্লাজমা চক্ৰৰ বিষয়টোৰ তদন্তকাৰী দলে তদন্ত আৰম্ভ কৰিছে।

ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকেও সমগ্ৰ বিষয়টোৰ ওপৰত চৰকাৰৰ তৰফৰ পৰা তীক্ষ্ণ নজৰ ৰখাৰ লগতে এই ঘটনা সংঘটিত হোৱা হাস্পতালখন ছীল কৰা হৈছে বুলি জানিবলৈ দিয়ে।

প্ৰণিধানযোগ্য যে, শেহতীয়াকৈ উত্তৰ প্ৰদেশত দ্ৰুত হাৰত বৃদ্ধি পাইছে ডেংগু আক্ৰান্ত ৰোগীৰ সংখ্যা।

ৰাজ্যখনৰ ডেংগুৱে ভয়াবহ ৰূপ ধাৰণ কৰাৰ পিছতে চৰকাৰে ৰাজ্যৰ সকলো চিকিৎসক আৰু পেৰামেডিকেল কৰ্মচাৰীৰ ছুটী বাতিল কৰিছে।