আজৱ কাণ্ড! একাধিক বিয়া পতা লম্পট বৃদ্ধক এশিকনি দিবলৈ কইনাৰ সাজত বহিল যুৱক, হ’ল বিয়াও…তাৰ পিছত…

এক নোহোৱা নোপোজা কাণ্ড।

বিয়া পাতি ফুৰা ৭০ উৰ্ধৰ লম্পট চৰিত্ৰৰ বৃদ্ধক এশিকনি দিবলৈ কইনাৰ সাজত বহুৱালে এজন যুৱকক।

পিছে যুৱকক কইনা বুলি ভাৱি ঘৰমুৱা হওঁতেই আদবাটত ঘটিল অঘটন।

৭০ উৰ্ধৰ বৃদ্ধ ককাৰ নাম হাজী হাসেম আলী ,ঘৰ নগৰবেৰাৰ খামেৰী পলাহৰটাৰীত।

এটা দুটা নহয় ইতিমধ্যে পাতিছে তিনিজনীকৈ বিয়া, টকা পইচাৰ লোভ দেখুৱাই যুৱতীক ফুচুলাই নি বিয়া পাতি কিছুদিন ৰাখি পুনৰ এৰি দিয়ে ককা হাসেমে।

পৰিয়াল, প্ৰথমা পত্নী কিম্বা সন্তানৰ কথাও নামানে হেনো ককাই।

এইবাৰ আহো মূল ঘটনালৈ-

শেহতীয়াকৈ বৃদ্ধ জনে নগৰবেৰাৰ ভখুৰাদিয়া গাঁৱৰ এগৰাকী যুৱতীক বিভিন্ন প্ৰলোভন দি সৈমান কৰায় বিয়াত বহিবলৈ

খবৰটো পালে গাওঁখনৰ একাংশ সচেতন যুৱকে। লগে-লগে পাং পাতিলে বৃদ্ধক এশিকনি দিবলৈ আৰু গাওঁখনৰে এগৰাকী যুৱকক সঁজালে কইনা।

নিশা বৃদ্ধ জনে দৰা সাজি গ’ল বিয়া পাতিবলৈ, কইনা ৰূপী যুৱকজনৰ সৈতে ধৰ্মীয় ৰীতি নীতিৰে ককাৰ সতে পাতি দিলে বিয়াখন।

বিয়া পাতি ন-কইনাক নিশাৰ অন্ধকাৰত একা বেঁকা পথেৰে লৈ যোৱাৰ সময়তে পুখুৰী এটাত পৰিল বৃদ্ধ দৰা। পানীত তিতি ঠাণ্ডাত ঠেঁটুৱা লাগে ককাৰ।

পিছে বৃদ্ধৰ অভিযোগ কইনা আৰু একাংশই বোলে পুখুৰীৰ পানীত ডুবাই ডুবাই অৱস্থা নাইকিয়া কৰিলে ককাৰ। দৰাক লপা থপাও দিলে হেনো কইনা আৰু একাংশই।

পাছত নগৰবেৰা আৰক্ষীক খবৰ দি গতাই দিয়া হয় বৃদ্ধ দৰাক।

এই কাণ্ডৰ পাছত ককাৰ কিছু হলেওঁ বিয়াৰ চখ মৰিব বুলি ধাৰনা কৰিছে ৰাইজে।

উল্লেখ্য যে,গাঁওখনৰ যুৱকসকলে বৃদ্ধ হাসেম আলীৰ প্ৰথমা পত্নী আৰু পৰিয়ালৰ সহযোগত এই কাণ্ড সংঘটিত কৰা বুলিও জানিব পৰা গৈছে।

ঘটনাটোক লৈ সম্প্ৰতি অঞ্চল জুৰি চলিছে চাঞ্চল্য।