মৰ্মান্তিক! ৰখাই থােৱা ট্ৰাকত ছুইফ্টৰ প্ৰচণ্ড খুন্দা, প্ৰাণ গ’ল ৩ যুৱ পৰিৱেশ কৰ্মীৰ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিশা অইলৰ কৰ্তব্য সমাপন কৰি ঘৰলৈ ওভতাৰ পথত প্ৰাণ গ’ল ৩ গৰাকী যুৱ পৰিৱেশকৰ্মীৰ।

এই দুৰ্ঘটনাত স্থান তিনিচুকীয়া জিলাৰ ডিগবৈৰ টিংৰাইৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ।

316107625 217942037254927 2306375348789700918 n
মৰ্মান্তিক! ৰখাই থােৱা ট্ৰাকত ছুইফ্টৰ প্ৰচণ্ড খুন্দা, প্ৰাণ গ’ল ৩ যুৱ পৰিৱেশ কৰ্মীৰ 5

মৃত লােক ৩ জনৰ নাম হৈছেঃ যদুমণি শেনচোৱা (৫৩, ডিগবৈ-বালিজান), দেৱৰাজ সোণোৱাল (৩২, ডিগবৈ-জ্যােতিনগৰ) আৰু দেৱাশিস পাচনি (৩৪, ডিগবৈ-২ নং বৰবিল)।

দুৰ্ঘটনাত পতিত ছুইফ্ট গাড়ীখনৰ নম্বৰ AS 06 M 5275 আৰু ট্ৰাক খনৰ নম্বৰ AS 06 AC 9481। 

জানিব পৰা মতে, যদুমণি শেনচোৱা (৫৩, ডিগবৈ-বালিজান), দেৱৰাজ সোণোৱাল (৩২, ডিগবৈ-জ্যােতিনগৰ) আৰু দেৱাশিস পাচনি (৩৪, ডিগবৈ-২ নং বৰবিল) ৱাইল্ড কেয়াৰ ফাউণ্ডেশ্বন নামৰ প্ৰকৃতি প্ৰেমী সংস্থাৰ সদস্য আছিল।

315390874 217942090588255 5432641752561810745 n
মৰ্মান্তিক! ৰখাই থােৱা ট্ৰাকত ছুইফ্টৰ প্ৰচণ্ড খুন্দা, প্ৰাণ গ’ল ৩ যুৱ পৰিৱেশ কৰ্মীৰ 6

দুৰ্ঘটনাত যদুমণি শেনচোৱা আৰু দেৱৰাজ সোণোৱালৰ থিতাতে মৃত্যুৰ হােৱাৰ উপৰি গুৰুতৰভাৱে আহত দেৱাশিস পাচনিয়ে চিকিৎসালয়ত শেষ নিস্বাস ত্যাগ কৰে।

image 21
মৰ্মান্তিক! ৰখাই থােৱা ট্ৰাকত ছুইফ্টৰ প্ৰচণ্ড খুন্দা, প্ৰাণ গ’ল ৩ যুৱ পৰিৱেশ কৰ্মীৰ 7

উল্লেখ্য যে চাবুৱা ৰহমৰীয়াৰ ড্ৰিলিং ৰীগৰ পৰা নিশাৰ ডিউটি সমাপন কৰি ঘৰলৈ উভতি আহিছিল তিনিওজন কৰ্মচাৰী।

image 20
মৰ্মান্তিক! ৰখাই থােৱা ট্ৰাকত ছুইফ্টৰ প্ৰচণ্ড খুন্দা, প্ৰাণ গ’ল ৩ যুৱ পৰিৱেশ কৰ্মীৰ 8

তেনে সময়তে যান্ত্ৰিক বিজুতিৰ বাবে পথৰ ওপৰতে ৰখাই থােৱা ট্ৰাকখনত পিছতফালৰ পৰা প্ৰচণ্ড জােৰে খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয় ছুইফ্ট বাহনখন।

এই দুৰ্ঘটনাত ছুইফ্ট বাহনখন ট্ৰাকখনৰ পিছফালে সােমাই পৰে।

উল্লেখ্য যে যদুমণি শেনচােৱাই পত্নী, এগৰাকী পুত্ৰ আৰু কন্যা এৰি থৈ যায়। আনহাতে, দেৱৰাজ সােণােৱালে পত্নীসহ মাতৃ, এটি ৪ বছৰীয়া পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ যায়।

স্থানীয় লােকে ৰাষ্ট্ৰীয় ঘাইপথত জৰাজীৰ্ণ অৱস্থাৰ লগতে ট্ৰাকচালকৰ গাফিলতিৰ বাবে এই শােকাৱহ দুৰ্ঘটনা সংঘটিত হােৱা বুলি অভিযােগ কৰে।