এজন-দুজন নহয়, কাৰাগাৰৰ পৰা একেলগে পলাল ৯ জনকৈ কয়দী…

এক চাঞ্চল্যকৰ ঘটনা।

এজন-দুজন নহয়, এইবাৰ কাৰাগাৰৰ পৰা একেলগে পলাল ৯ জনকৈ কয়দী।

নাগালেণ্ডৰ মন জিলাৰ জেলৰ পৰা পলায়ন ৯ জন কয়দীৰ।

কাৰাবন্দীসকলৰ ভিতৰত আছিল বিচাৰৰ অধীনত থকা কয়দী আৰু হত্যাৰ দোষী।

উল্লেখযোগ্য যে, শনিবাৰে পুৱাৰ ভাগত তেওঁলোকে কেনেবাকৈ কোঠাৰ চাবি হাতত লৈ পলায়ন কৰে।

image 136
এজন-দুজন নহয়, কাৰাগাৰৰ পৰা একেলগে পলাল ৯ জনকৈ কয়দী... 2

ইতিমধ্যে এই সন্দৰ্ভত মন থানাত এটা গোচৰ ৰুজু কৰি কয়দীসকলৰ সন্ধানৰ বাবে ব্যাপক তালাচী অভিযান আৰম্ভ কৰা হৈছে।

লগতে আৰক্ষীয়ে লুক আউট জাননী জাৰি কৰি বিভিন্ন সংস্থাক সতৰ্ক কৰি দিয়া বুলিও জানিব পৰা গৈছে।

ইফালে, কাৰাগাৰৰ পৰা পলায়ন কৰাসকলৰ সন্দৰ্ভত কোনো তথ্য পালে আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।