আজি বহু প্ৰত্যাশিত ৰাজ্যসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।
অসমৰ ২খন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।
পুৱা ৯ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া।
বিয়লি ৪ বজালৈ চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৫ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা।
সন্ধিয়া ৬ বজাত ফলাফল ঘোষণা কৰা হ’ব।
উল্লেখ্য যে, ৰাজ্যসভাৰ নিৰ্বাচনত মিত্ৰজোঁটৰ BJPৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাৰ জয় নিশ্চিত।
দ্বিতীয়খন আসনত বিজেপি মিত্ৰজোঁটৰ UPPLৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰী আৰু বিৰোধী পক্ষৰ প্ৰাৰ্থী ৰিপুণ বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
বিজেপিয়ে এখন আসনত পবিত্ৰ মাৰ্ঘেৰিটাক আৰু দ্বিতীয়খন আসনত মিত্ৰদল UPPLৰ ৰৌণগৌৰা নাৰ্জাৰীক প্ৰাৰ্থিত্ব দিছে।
আনহাতে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হৈছে কংগ্ৰেছ দলৰ ৰিপুণ বৰা।
ইপিনে এতিয়াও যেন বিশ্বাস-অবিশ্বাসৰ দোমোজাত ওলমি ৰৈছে বিৰোধী প্ৰাৰ্থী ৰিপুণ বৰাৰ ভাগ্য।
কিয়নো ভোটগ্ৰহণৰ পূৰ্বে মিত্ৰতাত ফাঁট মেলিছে কংগ্ৰেছ আৰু AIUDFৰ।
যিসময়ত বিৰোধী একগোট হ’ব লাগিছিল, সেই সময়ত দুয়োটা প্ৰধান বিৰোধী দলে তীব্ৰ সংঘাতত লিপ্ত হোৱাহে পৰিলক্ষিত হৈছে।
এজেণ্ট নিয়োগক লৈ আৰম্ভ হোৱা কংগ্ৰেছ–AIUDFৰ সংঘাতে শাসকীয় মিত্ৰজোঁটকে লাভৱান্বিত কৰাৰ ইংগিত দিছে।









