গুৱাহাটী

মহানগৰ আৰক্ষীৰ জালত তিনি কুখ্যাত মাটিৰ দালাল…

মাটিৰ দালালৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।

মহানগৰ সাতগাও আৰক্ষীৰ জালত তিনি কুখ্যাত মাটিৰ দালাল।

ধৃত দালাল কেইজন হৈছে লটিভ আলি, ডঃ জামেৰুল ইছলাম আৰু ৰাবিউল আলি।

সাতগাওঁৰ মিলিজুলি পথ আৰু আমগাঁওৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই তিনি কুখ্যাত মাটিৰ দালালক।

ধৃত এই তিনি ব্যক্তিয়ে দীৰ্ঘদিন ধৰি মাটিৰ দালালি কাৰ্য্যত জড়িত হৈ আছিল।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে মাটিৰ দালালৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *