আজি সৰুসজাইত ISLৰ মহাৰণ।
খেলখনত হায়দৰাবাদ FC-ৰে মুখামুখি হ’ব নৰ্থ ইষ্ট ইউনাইটেড FC।
৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা জনপ্ৰিয় ফুটবল লীগ আই এছ এলৰ তালিকাত হায়দাৰাবাদ এফ ছি আছে ৬ নং স্থানত আৰু নৰ্থ-ইষ্ট ইউনাইটেড আছে ১০ম স্থানত।
এইবাৰ নৰ্থ ইষ্ট ইউনাইটেডত অসমৰ পৰা অৰ্ন্তভুক্ত হৈছে ৫জনকৈ খেলুৱৈ।
দলটোত আছে গুৱাহাটীৰ গৌৰৱ বৰা, নিখিল ডেকা, প্ৰজ্ঞান গগৈ, দিপু মিৰ্ধা আৰু পাৰ্থিব গগৈ।
উল্লেখ্য যে, খেলৰ পূৰ্বে ইতিমধ্যেই দুয়োটা দলৰ খেলুৱৈ সকলক অনুশীলনত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে।
সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগীয়া খেলখনক লৈ উৎসাহিত ৰাজ্যখনৰ প্ৰতি গৰাকী ক্ৰীড়াপ্ৰেমী।









