DTO সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ গুৱাহাটীৰ বাসগৃহত অভিযান তদন্তকাৰী দলৰ…

কোকৰাঝাৰৰ DTO সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ গুৱাহাটীৰ বাসগৃহত অভিযান।

সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ কাহিলিপাৰাৰ বাসগৃহত অভিযান তদন্তকাৰী দলৰ।

নিশা চিৰাঙৰ বেংতলত অভিযান চলোৱাৰ পাছতে কাহিলীপাৰাত অভিযান।

বেংতলৰ বাসগৃহৰ পৰা জব্দ হৈছিল ৩৬ লাখকৈ নগদ ধন।

দীৰ্ঘদিন ধৰি বিভিন্ন অপৰাধজনিত কৰ্মত লিপ্ত হৈ ধন সংগ্ৰহৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে।

অসম–বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটত ছিণ্ডিকেট বাহিনীৰ সৈতে মিলিত থকাৰ অভিযোগৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে নিশা অভিযান চলাই ৩৬ লাখ টকাসহ গ্ৰেপ্তাৰ কৰে পৰিবহণ বিষয়া সামেশ্বৰ ব্ৰহ্ম মুছাহাৰীক।

বৰ্তমানলৈ DTO সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীসহ মুঠ ১৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

বৰ্তমানেও বিষয়াগৰাকীৰ অগাধ সম্পত্তিৰ উৎস বিচাৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।