অসমঅসমীয়া

সংঘৰ্ষৰ পিছতে জ্বলি উঠিল বাইক আৰু ডাম্পাৰ, জীৱন্তে অগ্নিদগ্ধ হৈ দুই যুৱকৰ মৃত্যু

নিউজ ডেস্ক। ধুবুৰী জিলাৰ চাপৰৰ ধীৰঘাটত ভয়ংকৰ দুৰ্ঘটনা।

দুৰ্ঘটনাৰ পিছতে ৰাজপথত দপদপাই জ্বলি উঠিল ডাম্পাৰ আৰু বাইক।

জানিব পৰা মতে, ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সন্ধিয়া প্রায় ৫.১৫ বজাত এখন ডাম্পাৰ আৰু মটৰ চাইকেলৰ মুখামুখি সংঘর্ষ হোৱাৰ ফলত দুজন যুৱকৰ থিতাতে মৃত্যু হয়।

G1 14

জানিব পৰামতে, এ এছ ১৭ চি ০৩৭৩ নম্বৰৰ ডাম্বাৰখন চাপৰৰ ফালৰ পৰা গৈ থকা সময়তে বিলাসীপাৰাৰ পৰা চাপৰৰ ৰৌমাৰীৰ সাবুল শ্বেখৰ পুত্ৰ শ্বাহৰুখ হক (২৫) আৰু আব্দুল আজিজৰ পুত্ৰ ইমান হুছেইন (২৬) মটৰ চাইকেলেৰে আহি থাকোতে দুৰ্ঘটনাত পতিত হৈ ডাম্পাৰখনৰ তলত সোমাই পৰে।

বালিভর্তি ডাম্পাৰখনৰ তলত সোমোৱাৰ পাচতে দুয়োখন বাহন জ্বলি উঠে।

ইফালে এই ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লয় দুই বাইক আৰোহীয়ে।

দুৰ্ঘটনা আৰু অগ্নিকাণ্ডক সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় আতংকময় পৰিবেশৰ।

পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *