আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ তিৰোভাৱ তিথি।
ভক্তি ৰসত মুখৰিত ৰাজ্যৰ আকাশ বতাহ।
ৰাজ্যৰ নামঘৰে নামঘৰে পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে গুৰুজনাৰ বন্দনা।
জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ বন্দনা, নাম-কীৰ্তন, হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে আকাশ বতাহ।
ভক্তি ৰসৰ এক জীপাল পৰিৱেশৰ মাজত ৰাজ্যজুৰি সৰ্বগুণাকাৰ গুৰুজনাক স্মৰণ কৰিব ৰাজ্যৰ জণগনে।
সত্ৰ নগৰী বৰপেটাতো মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষ্যে আয়োজন কৰা হৈছে কীৰ্তন মহোৎসৱ।
ইপিনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানটো পুৱাৰে পৰা বিৰাজ কৰিছে আধ্যাত্মিক পৰিবেশে।
বটদ্ৰৱা থানত গুৰুজনাৰ তিৰোভাৱ তিথি উৎসৱটি “গুৰু কীৰ্তন” নামেৰে দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়।
সোমবাৰে পুৱাৰে পৰা ভকত বৈষ্ণৱ, আইমাতৃ সকলে সমগ্ৰ সত্ৰ পদক্ষিণ কৰি উষা কীৰ্তন কৰা পৰিবেশে সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰে









