আজি গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, মুকলি কৰিব বিজেপিৰ উত্তৰ-পূব কাৰ্যালয়…

আজি গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।

গুৱাহাটীৰ বিজেপিৰ উত্তৰ-পূব কাৰ্যালয় মুকলি কৰিব নাড্ডাই।

বিয়লি ৪ বজাত অসমত উপস্থিত হ’ব ৰাষ্ট্রীয় সভাপতিগৰাকী।

উত্তৰ পূৰ্বাঞ্চলৰ তিনি কেন্দ্ৰীয়মন্ত্ৰী আৰু চাৰি গৰাকী মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে মুকলি কৰিব বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ নৱ নিৰ্মিত কাৰ্য্যালয়।

জানিব পৰা মতে বিয়লি 8.৩০ বজাত পদ্মভৱন মুকলি কৰিব ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে।

মিছন ২৪ ৰ লক্ষ্যৰে দুদিনীয়া ভ্ৰমণসুচীৰে উত্তৰ-পূবলৈ আহিছে জে পি নাড্ডা।

তাৰ লগতে সভাপতি গৰাকীয়ে দুখনকৈ গুৰুত্বপূৰ্ণ বৈঠকত অংশও ল’ব।