ৰাজ্যত ২১ আৰু ২৮ আগষ্টত সুকলমে অনুষ্ঠিত হৈ গ’ল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা।
২৬ হাজাৰ পদৰ বিপৰীতে প্ৰায় ১৪ লাখ পৰিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে এই নিযুক্তি পৰীক্ষাত।
উক্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰা পৰীক্ষাৰ্থীক ঘূৰাই দিয়া হ’ব আবেদনৰ সময়ত লোৱা মাচুল।
তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত এই বৃহৎ ঘোষণা মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
কিন্তু এই পৰীক্ষাত যি সকল উত্তীৰ্ণ হয় তেওঁলোকৰ মাচুল চৰকাৰে ল’ব।
বাকী যি সকল পৰীক্ষাৰ্থী অনুত্তীৰ্ন হ’ব সেই সকল পৰীক্ষৰ্থীয়ে নিজৰ বেংক একাউণ্টত মাচুল ওভতাই পাব।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয়- চতুৰ্থ বৰ্গৰ আৰু তৃতীয় বৰ্গৰ পৰীক্ষা সমূহ ভালকৈয়ে হৈছে। অনুত্তীৰ্ণ সকলে মাচুলৰ নামত কোনো টকা খৰছ কৰিব নালাগে।
লগতে তেওঁ এমাহৰ ভিতৰতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি সদৰি কৰে।
উল্লেখ্য যে, নিযুক্তি পৰীক্ষাৰ নামত চৰকাৰে নিবনুৱাৰ পৰা লাখ লাখ টকা সংগ্ৰ কৰা বুলি ৰাজ্যত বিশেষ চৰ্চা লাভ কৰিছিল। এনে সময়তে মুখ্যমন্ত্ৰী গাৰীকৰ এই সিদ্ধান্তই দুখীয়া ছাত্ৰ ছাত্ৰী সকলক সকাহ প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে।









