অসম

আপোনাৰ পোহনীয়া কুকুৰটোক য’তে ত’তে মলত্যাগ কৰোৱাই নেকি? সাৱধান হওক, এতিয়া আৰু নহ’ব…

আপোনাৰ পোহনীয়া কুকুৰটোক য’তে ত’তে মলত্যাগ কৰোৱাই নেকি?

যদি তেনে অস্যাভ আছে, তেন্তে সাৱধান হওক।

কিয়নো আপোনাৰ মৰমৰ কুকুৰটোৰ ওপৰত চকু ৰাখিব গুৱাহাটী পৌৰ নিগমে।

এতিয়াৰ পৰা ফুটপাথ, ৰাস্তা, অন্যৰ পদুলি আদিত পোহনীয়া কুকুৰটোক মলত্যাগ কৰোৱাব নোৱাৰিব।

তেনে কৰিলে এতিয়াৰে পৰা পৌৰনিগমে জৰিমনা ভৰাব আপোনাক।

গুৱাহাটী পৌৰ নিগমৰ চকুত পৰিলেই কুকুৰৰ গৰাকীক বিহা হ’ব ২০০০ টকাৰ জৰিমনা। 

জি এম চিয়ে কয়, এই ক্ষেত্ৰত কুকুৰৰ গৰাকীৰ কোনো অধিকাৰ নাই অন্য লোকক অশান্তি দিয়াটো। ধাৰা ৩০১ আৰু ধাৰা ৬ অনুসৰি সেই কুকুৰ সমূহ হয়তো জিএমচিয়ে উঠাই নিব, নাইবা ৫০০ৰ পৰা ২০০০ পৰ্যন্ত জৰিমনা বিহিব।

ইয়াৰ বাবে জিএমচিয়ে গঠন কৰিছে বিশেষ স্কোৱাদ টীম।

এই স্কোৱাদ টীমে গুৱাহাটীৰ অলিয়ে গলিয়ে ঘুৰি ধৰা পেলাব সেই সকল কুকুৰ তথা কুকুৰৰ মালিকক।

আনহাতে কোনো লোকে ফটো সহকাৰে ঠিকনা প্ৰেৰণ কৰি জি এম চি লৈ বা গোচৰ তৰে তেন্তে তেতিয়া সেই মালিকক প্ৰথমে জাননি প্ৰেৰণ কৰিব, পাছত জৰিমনা বিহিব।

অভিযোগৰ নম্বৰ ৮৮১১০০৭০০০ (8811007000)।

Leave a Reply

Your email address will not be published. Required fields are marked *