শনিবাৰে নিশা নগাঁৱত আৰক্ষীৰ গুলীত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰা আহত হোৱা ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
আৰক্ষীৰ এণ্টি নাৰ্কোটিক স্কোৱাডে চলোৱা গুলীত আহত হয় কীৰ্তিকমল।
সোঁভৰিত গুলী লগা ছাত্ৰ নেতাজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে নিশাই কীৰ্তিকমল বৰাক GMCH ত ভৰ্তি কৰোৱা হয়।
দেওবাৰে নিশা কোকৰাঝাৰত উপস্থিত হোৱা আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নগাঁৱত আৰক্ষীয়ে ছাত্ৰনেতাক গুলীওৱা ঘটনা সন্দৰ্ভত কিছু বিস্ফোৰক মন্তব্য কৰে।
তেওঁ কয় যে অসমত পুলিচীৰাজ চলিব দিয়া নহ’ব। অত্যাচাৰী ৰাজত্ব চলিবলৈ দিয়া নহব।
নগাঁওৰ ঘটনাটো মুখ্যমন্ত্ৰীৰ অত্যাচাৰী ৰাজত্বৰ এটা প্ৰতিফলন বুলি অভিহিত কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে।
অসমত গণতন্ত্ৰ নাই, পুলিচতন্ত্ৰ চলিছে বুলি কোৱাৰ লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে ৰাজ্যত মুক্তহত্যাৰ ৰাজত্ব চলিব নোৱাৰিব।
তাৎপৰ্যপূৰ্ণভাৱে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে লগতে প্ৰশ্ন উত্থাপন কৰে যে ‘মুখ্যমন্ত্ৰীয়ে আৰক্ষী বিষয়াসকলক লৈ সভা পতাৰ পিছতে এনে ঘটনা সংঘটিত হোৱাই কি সূচায় ?’









