আজি গণেশ চতুৰ্থী।
পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰত দেখিবলৈ পোৱা গৈছে অগণন ভক্তৰ ভিৰ।
গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত আড়ম্বৰপূৰ্ণ ভাৱে আয়োজন কৰা হৈছে গণেশ চতুৰ্থীৰ।

গণেশগুৰি, লতাশিল খেলপথাৰৰ সমুখৰ আৰু নিউ গুৱাহাটীৰ গণেশ মন্দিৰত ভিৰ কৰিছে অজস্ৰ ভক্তই।
ইপিনে সাত দিনীয়া কাৰ্যসূচীৰে লামডিঙতো আয়োজন কৰা হৈছে গনেশ চতুৰ্থীৰ।
উল্লেখ্য যে, ভাদ মাহৰ অমাৱশ্যাৰ পাছত অহা গণেশ চতুৰ্থীৰ বহু মান্যতা আছে। পৌৰাণিক মান্যতা অনুসৰি, ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থ দিনা ভগৱান গণেশৰ জন্ম হৈছিল। সেইকাৰণে এই দিনটোত গণেশ চতুৰ্থী হিচাপে উলহ-মালহেৰে উদযাপন কৰা হয়।
এই দিনটোত ভগৱান গণেশৰ হিন্দু নীতি–নিয়মেৰে পূজা–অৰ্চনা কৰি ভগৱানৰ পৰা বুদ্ধি, সৌভাগ্য আৰু সমৃদ্ধিৰ লাভৰ বাবে ভক্তসকলে প্ৰাৰ্থনা কৰে।

গণেশ চতুৰ্থী প্ৰায় ১০ দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় আৰু অন্তিমটো দিনত গণেশ দেৱতাৰ মূৰ্তি বিসৰ্জন দিয়া হয়।
এইবাৰ গণেশ চতুৰ্থী বুধবাৰে ৩১ আগষ্টত পালন কৰা হৈছে। এই তিথি ৩০ আগষ্টৰ আবেলি ৩ বাজি ৩৩ মিনিটৰ পৰা আৰম্ভ হৈছে। একে সময়তে, চতুৰ্থী তিথি ৩১ আগষ্ট, ২০২২ তাৰিখে আবেলি ৩ বাজি ২২ মিনিটত সমাপ্ত হ’ব।
ভগৱান গণেশৰ উপাসনাৰ শুভ সময় হৈছে পুৱা ১১ বাজি ২৪ মিনিটৰ পৰা ১ বাজি ৫৪ মিনিটলৈ। ইয়াৰোপৰি গণেশ দেৱতাৰ মূৰ্তি বিসৰ্জনৰ তাৰিখ হৈছে ৯ ছেপ্টেম্বৰ।
‘নিউজ ৮ নৰ্থইষ্ট’ৰ পৰিয়ালৰ তৰফৰ পৰাও আপোনালৈ যাচিলোঁ গনেশ চতুৰ্থীৰ আন্তৰিক শুভেচ্ছা।









