অসম

ভয়ংকৰ ঘটনা, চি এচ পিৰ স্বতাধিকাৰীক গুলীয়াই দুৰ্বৃত্তই কাঢ়ি নিলে ধন…

নগাঁৱৰ কাঠপাৰাত গুলীচালনাৰ ঘটনা।

SBI ৰ চি এচ পিৰ স্বতাধিকাৰীক গুলীচালনা কৰি দুৰ্বৃত্তই লুটি নিলে ধন।

গুৰুত্বৰ ভাবে আহত হুমায়ুন কবিৰ নামৰ স্বতাধিকাৰ গৰাকী।

জানিব পৰা মতে, কলিয়াবৰ পৰা হুমায়ুন কবিৰ আহি আছিল কাৱৈমাৰীলৈ।

তেতিয়াই কাঠপাৰাত দুখন মটৰ চাইকেলত অহা দুবৃত্তই বাট আগুৰি ধৰে হুমায়ুনক চাৰি জাই গুলী ফুটাই কেইবালাখ টকা লৈ উধাও হয়।

পথৰ ওপৰত ৰাঙলী হৈ থকা হুমায়ুন কবিৰক স্থানীয় লোকে উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে।

বৰ্তমান সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়ত হুমায়নৰ চিকিসা চলি আছে।

ৰাজপথত এনেদৰে এজনক গুলীয়াই টকা লুট কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে নগাঁৱত।

Leave a Reply

Your email address will not be published. Required fields are marked *