আচৰিত! ATMৰ পৰা ওলাল সৰু ল’ৰা-ছোৱালীয়ে চিপছৰ পেকেটত পোৱা দুশ টকীয়া নকল নোট, তাৰ পিছত…

নিউজ ডেস্কঃ এটিএমৰ পৰা টকা উলিওৱাৰ সময়ত আপুনিও হওক সাৱধান। কাৰণ এইবাৰ এটিএমৰ পৰা ওলাল নকল নোট।

উত্তৰ প্ৰদেশৰ আমেঠিত এজন ব্যক্তিয়ে এটিএমৰ পৰা উলিওৱা টকাৰ ভিতৰত উদ্ধাৰ হ’ল ‘ফুল অৱ ফাণ্ড’ বুলি লিখা থকা সৰু ল’ৰা-ছোৱালীয়ে খেলিবলৈ ব্যৱহাৰ কৰা এখন নকল দুশ টকীয়া নোট।

ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে এই ঘটনা। সমান্তৰালভাৱে ভাইৰেল হৈ পৰিছে ল’ৰা-ছোৱালীয়ে চিপছৰ পেকেটত লাভ কৰা নকল দুশ টকীয়া নোটখনো।

fake note from atm
আচৰিত! ATMৰ পৰা ওলাল সৰু ল’ৰা-ছোৱালীয়ে চিপছৰ পেকেটত পোৱা দুশ টকীয়া নকল নোট, তাৰ পিছত… 2

দৰাচলতে আমেঠিত এজন ব্যক্তিয়ে এটিএমৰ পৰা উলিয়াইছিল ৫০০০ টকা।

এটিএমৰ পৰা টকাখিনি উলিয়াই তেওঁ গণি চাওতেই দেখা পায় দুশ টকীয়া নকল নোটখন।

এই বিষয়ে লগে লগে তেওঁ আৰক্ষীক অভিযোগ কৰে যদিও এটিএমটোলৈ আহি ঘটনাৰ তদন্ত নকৰাকৈয়ে আৰক্ষী উভতি যোৱা বুলিও অভিযোগ উত্থাপন হৈছে।

এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে বিভাগীয় বেংকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে অঞ্চলবাসীয়ে।