নিউজ ডেস্কঃ ৰে’ল যাত্ৰাৰ সময়ত ধৰক আপোনাৰ একাপ চাহ খাবলৈ বৰ মন গ’ল। আপুনি একাপ চাহ ক্ৰয় কৰিলে। কিন্তু ২০ টকাৰ চাহকাপৰ বাবে যদি আপুনি ৭০ টকা ভৰিবলগীয়া হয় তেন্তে তাৰ বাবে আপুনি আচৰিত নহ’বনে?
কিন্তু এনে এক ঘটনাই সংঘটিত হৈছে বাস্তৱত। এগৰাকী ৰে’ল যাত্ৰীয়ে তেওঁৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছে এখন বিল। য’ত ২০ টকাৰ চাহকাপৰ সৈতে চাৰ্ভিছ চাৰ্জৰূপে লোৱা হৈছে অতিৰিক্ত ৫০ টকা। এই বিল শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
দৰাচলতে, যোৱা ২৮ জুনত দিল্লী আৰু ভোপালৰ মাজত চলি থকা ভূপাল শতাব্দী ৰে’লত যাত্ৰা কৰিছিল যাত্ৰীজনে। সেই সময়তে ৰে’ল বিভাগৰ পৰা তেওঁ ক্ৰয় কৰিছিল একাপ চাহ। কিন্তু ২০ টকা মূলৰ চাহকাপৰ নামত যাত্ৰীজনৰ পৰা লোৱা হয় মুঠ ৭০ টকা।

যাত্ৰীজনে নিজৰ টুইটাৰ হেণ্ডেলত লিখিছে- “চাহৰ মূল্য ২০ টকা আৰু তাৰ বাবে জিএছটি হৈছে ৫০ টকা। সকলো মিলি ৭০টকা। লুণ্ঠনৰ বাদে মই ইয়াক আৰু কি বুলি ক’ব পাৰোঁ?’’
উল্লেখ্য যে, ৰে’লৱেত কেটাৰিং সেৱা আগবঢ়োৱা আইআৰচিটিচিক লৈ বাৰে বাৰে এনে বহু অভিযোগ উত্থাপন হৈ আহিছে। কিন্তু শেহতীয়া এই অভিযোগে অধিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা একাপ চাহৰ বিলে স্তম্ভিত কৰিছে সকলোকে।
20 रुपये की चाय पर 50 रुपये का टैक्स, सच मे देश का अर्थशास्त्र बदल गया, अभी तक तो इतिहास ही बदला था! pic.twitter.com/ZfPhxilurY
— Balgovind Verma (@balgovind7777) June 29, 2022
অৱশ্যে একাংশই এয়া জিএছটি হিচাপে নহয়, বৰং চাৰ্ভিছ চাৰ্জ হিচাপে লোৱা বুলিহে মন্তব্য কৰে। কিন্তু চাৰ্ভিছ চাৰ্জ হিচাপেও ৫০ টকা অত্যাধিক বুলি মন্তব্য কৰিছে অনেকে।
এই সন্দৰ্ভত শেহতীয়াকৈ স্পষ্টীকৰণ দিছে ৰে’ল বিভাগেও। ৰে’লৱে বিষয়াৰ মতে, যাত্ৰীজনৰ পৰা কোনো ধৰণৰ অতিৰিক্ত ধন লোৱা হোৱা নাছিল।
ৰে’ল বিভাগৰ মতে, ২০১৮ চনত ভাৰতীয় ৰে’লৱেয়ে জাৰি কৰা এক জাননীত নিৰ্দিষ্টভাৱে উল্লেখ কৰা হৈছে যে, যেতিয়া ৰাজধানী বা শতাব্দীৰ দৰে ৰে’লত ৰিজাৰ্ভচন কৰি থাকোঁতে এজন যাত্ৰীয়ে খাদ্য বুকিং নকৰে, তেতিয়া সেই সময়ত চাহ, কফি বা খাদ্যৰ অৰ্ডাৰ দিয়াৰ বাবে ৫০ টকাৰ চাৰ্ভিচ চাৰ্জ দিব লাগিব। যাত্ৰীয়ে একাপ চাহৰ অৰ্ডাৰ কৰিলও এই নিৰ্দিষ্ট পৰিমানৰ ধন ভৰিব লাগিব।









