২৭ জুনৰ পৰা সন্ধানহীন দুগৰাকী ছাত্ৰী, পত্ৰ লিখি পৰিয়ালক বিচাৰি নাযাবলৈ আহ্বান…

এক চাঞ্চল্যকৰ ঘটনা।

২৭ জুনৰ পৰা সন্ধানহীন দুগৰাকী ছাত্ৰী।

তিনিচুকীয়া জিলাত ২ গৰাকী ছাত্ৰী কেইবাদিনো ধৰি নিৰূদ্দেশ হৈ থকা ঘটনাই অঞ্চলজুৰি চাঞ্চল‍্যৰ সৃষ্টি কৰিছে।

যোৱা ২৭ জুন তাৰিখে দুপৰীয়াৰ পৰা দুইগৰাকী ছাত্ৰী নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি তিনিচুকীয়াৰ বৰবড়ী নিবাসী পুস্পা চেতিয়াৰ কন্যা পাপৰি চেতিয়া আৰু শুকানপুখুৰী মাকুমৰ মানসী বাইলুং শইকীয়াৰ কন‍্যা নিকী বাইলুং সন্ধানহীন হৈ আছে।

photo 2022 07 01 15 43 48
২৭ জুনৰ পৰা সন্ধানহীন দুগৰাকী ছাত্ৰী, পত্ৰ লিখি পৰিয়ালক বিচাৰি নাযাবলৈ আহ্বান... 4

দুয়োগৰাকী পৰ্বতীয়া স্থিত আদৰ্শ বালিকা বিদ‍্যালয়ৰ ছাত্ৰী আছিল।

২৭ জুনৰ দিনা দুপৰীয়া মানসী বাইলুং শইকীয়াৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা দুইগৰাকী ছাত্ৰী নিৰুদ্দেশ হৈ আছে।

ঘৰৰ পৰা ওলাই যোৱা সময়ত তেওঁলোক দুয়োজনীয়ে মোবাইল ফোন কেইটা ঘৰতে থৈ যোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

photo 2022 07 01 15 43 47
২৭ জুনৰ পৰা সন্ধানহীন দুগৰাকী ছাত্ৰী, পত্ৰ লিখি পৰিয়ালক বিচাৰি নাযাবলৈ আহ্বান... 5

ইপিনে ছাত্ৰী দুগৰাকীয়ে এখন পত্ৰ লিখি থৈ গৈছে। য’ত দুয়োগৰাকী ছাত্ৰীয়ে তেওঁলোকক বিচাৰি নাযাবলৈ উল্লেখ কৰিছে।

ছাত্ৰী দুগৰাকীৰ কি কাৰণত এনে সিদ্ধান্ত ল’লে তাকেলৈ এতিয়া বিপাঙত পৰিছে দুয়োটা পৰিয়ালৰ।

ইতিমধ্যে পৰিয়ালৰ আৰক্ষীৰ কাষ চাপি এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে এতিয়া কাষ চাপিছে সংবাদ মাধ্যমৰ। যদিহে কোনো সদাশয় লোকে ছাত্ৰী দুগৰাকীৰ সন্ধান লাভ কৰে তেন্তে ৯৯৫৭১২১২৮৯ নম্বৰত যোগাযোগ কৰি পৰিয়ালৰ লোকক অৱগত কৰিবলৈ অনুৰোধ জনাইছে।

লগতে চাওকঃ

ভয়ংকৰ সংঘৰ্ষ! সেনা-আৰক্ষীৰ গুলীত নিহত আলফাৰ দুৰ্ধৰ্ষ কেডাৰ জ্ঞান অসম

G01
২৭ জুনৰ পৰা সন্ধানহীন দুগৰাকী ছাত্ৰী, পত্ৰ লিখি পৰিয়ালক বিচাৰি নাযাবলৈ আহ্বান... 6