আচৰিত! বিয়াৰ গান শুনি ৬৩ টা কুকুৰাৰ মৃত্যু, এজাহাৰ দাখিল…

বিয়াৰ গান শুনি মৃত্যু ৬৩ টা কুকুৰাৰ, এক অবিশ্বাস্য যেন লগা কথা।

কিন্তু এই ঘটনাক লৈ ৰুজু হৈছে এক গোচৰ।

বিয়াত বজোৱা গান শুনি হাৰ্ট এৰ্টেক হৈ ৬৩টা কুকুৰা মৃত্যু হোৱাৰ অভিযোগ তুলি কুকুৰাৰ মালিকে দাখিল কৰিছে এজাহাৰ।

উল্লেখ্য যে, কুকুৰা পালকজনৰ ঘৰৰ সমীপতে আছিল এক বিবাহ অনুষ্ঠান। সেই অনুষ্ঠানৰ উপলক্ষে উচ্চস্বৰত বজোৱা হৈছিল গান। ডিজেৰ জৰিয়তে গান বজাই স্ফূৰ্তি-তামাছা কৰিছিল বিয়াঘৰত।

ইপিনে বালাশ্বৰৰ কাণ্ডাগাৰ্দী গাঁৱৰ ৰঞ্জিত পাৰিদা নামৰ লোকজনৰ কুকুৰা ফাৰ্মত সেই নিশাই মৃত্যু হয় ৬৩টা কুকুৰা।

তাৰ পাছত নীলগিৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে কুকুৰাৰ মালিক ৰঞ্জিত পাৰিদাই।

এজাহাৰত কুকুৰা মালিক ৰঞ্জিত পাৰিদাই লিখিছে- নিশা ৰামচন্দ্ৰ পাৰিদাৰ ঘৰত বিবাহ উপলক্ষে বজোৱা উচ্চস্বৰৰ সংগীতৰ বাবে তেওঁৰ কুকুৰাকেইটাৰ মৃত্যু হৈছে। ডি জে বজোৱা উচ্চস্বৰৰ গানৰ বাবে হৃদৰোগত আক্ৰান্ত হৈ কুকুৰাবোৰ অস্থিৰ হৈ ঢলি পৰিছিল। তাৰ কিছুসময়ৰ পাছতে এটা এটাকৈ ৬৩টা কুকুৰা প্ৰাণ গৈছিল।

আনহাতে এই অভিযোগ দাখিল কৰাৰ পাছত বিবুধিত পৰিছে আৰক্ষীও।

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে সচাঁ-মিছা প্ৰমাণ কৰিবলৈ কাষ চাপিছে পশু চিকিৎসকৰ।

আৰক্ষীয়ে পশু চিকিৎসকৰ পৰা এনে হ’ব পাৰে নেকি সেই সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে।

লগতে চাওকঃ

আপােনাৰ দিনটােৰ ৰাশিফল

আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Comment