হেমা মালিনি বৃদ্ধ হৈছে, কেটৰিনা কাইফৰ গালৰ দৰে নিৰ্মাণ কৰা হ’ব ৰাস্তাঃ কোনে কলে? পঢ়ক…

ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰধান লালু প্ৰসাদ যাদৱক আপোনালোকৰ নিশ্চয় মনত আছে। যিয়ে সময়ে সময়ে খুহুতীয়া কথা কৈ সকলোকে আমোদ দিয়ে।

তেওঁ ২০০৫ চনত যেতিয়া ৰে’লমন্ত্ৰী আছিল, তেওঁ এটা মন্তব্য দিছিল। যিটো মন্তব্যই পৰৱৰ্তী সময়ত যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছিল। তেওঁৰ মন্তব্যটো আছিল যে যদি বিহাৰৰ ৰাস্তা নিৰ্মাণ হয়, সেইয়া হেমা মালিনীৰ গালৰ দৰে হ’ব। তেওঁৰ এই মন্তব্যৰ বাবে যথেষ্ট বিতৰ্ক হৈছিল।

এইবাৰ ঠিক অনুৰূপ মন্তব্য কৰিছে এজন মন্ত্ৰীয়ে। পিছে এইবাৰ হেমা মালিনী নহয়, এইবাৰ কেটৰিনা কাইফহে। তেওঁ কয় যে এতিয়া হেমা মালিনী বৃদ্ধ হৈছে, গতিকে কেটৰিনাৰ গালৰ দৰেহে ৰাস্তা হ’ব।

এই মন্তব্য কৰে ৰাজস্থানৰ সামৰিক কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰাজেন্দ্ৰ সিং গুধাই।

দৰাচলতে মঙলবাৰে ঝুনঝুনুৰ পোংখ গাঁৱৰ প্ৰশাসনে গাওঁসমূহৰ সৈতে এটা অভিযান চলাইছিল। য’ত গড়কাপ্তানী বিভাগৰ জ্যেষ্ঠ অভিযন্তা এন কে যোশীয়ে ৰাস্তাবোৰৰ বিষয়ে তথ্য দি আছিল।

সেই সময়তে মন্ত্ৰী ৰাজেন্দ্ৰ সিং গুধাই অভিযন্তাৰ পৰা মাইকটো লৈ কয় যে, “ৰাস্তা নিৰ্মাণ কৰা উচিত… হেমা মালিনীৰ গালৰ দৰে।” কিন্তু পিছত তেওঁ কয় যে, “হেমা মালিনী এতিয়া বৃদ্ধ হৈছে।” সেয়েহে তেওঁ উপস্থিত জনতাক সুধিছিল, “আজিকালি কোনগৰাকী অভিনেত্ৰী ধুনীয়া। মই নামটো নাজানো।” মানুহে তেতিয়া কেটৰিনা কাইফৰ নাম লৈছিল। গুধাই তেতিয়া কৈছিল, “অভিযন্তা চাহাব শুনক, ৰাস্তাবোৰ কেটৰিনা কাইফৰ গালৰ দৰে হ’ব লাগে।”

তেওঁৰ এই মন্তব্যই উপস্থিত সকলোকে হাঁহিৰ খোৰাক যোগাইছিল।

উল্লেখ্য যে, এনে মন্তব্য কৰা ৰাজনীতিক এওঁৱেই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বহুজনে কৰিছে এনে মন্তব্য।

২০০৫ চনত তদানীন্তন ৰে’ল মন্ত্ৰী লালু প্ৰসাদ যাদৱে প্ৰথমে বিহাৰৰ ৰাস্তাবোৰৰ বিষয়ে কৈছিল যে ৰাস্তাবোৰ হেমা মালিনীৰ গালৰ দৰে মসৃণ হ’ব। ইয়াৰ পিছত ২০১৩ চনত তদানীন্তন উত্তৰ প্ৰদেশৰ মন্ত্ৰী ৰাজাৰাম পাণ্ডেও হেমা মালিনিৰ গালৰ সৈতে ভাল ৰাস্তাৰ প্ৰসংগ সংযোগ কৰিছিল।

২০১৯ চনৰ অক্টোবৰ মাহত মধ্য প্ৰদেশৰ তদানীন্তন মন্ত্ৰী পি চি শৰ্মাই এটা মন্তব্য দিছিল যে বিজেপি নেতা কৈলাশ বিজয়বৰ্গীয়াই দেখিব, হেমা মালিনীৰ গালৰ দৰে পথ নিৰ্মাণ কৰা হ’ব।

পৰৱৰ্তী সময়ত ২০১৯ চনৰ নৱেম্বৰত ছত্তীশগড়ৰ তদানীন্তন মন্ত্ৰী কাৱাচী লাখমাইও হেমা মালিনিৰ গালৰ দৰে ৰাস্তা নিৰ্মাণৰ এক মন্তব্য দিছিল।

লগতে চাওকঃ

আপােনাৰ দিনটােৰ ৰাশিফল

আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Comment