অসম

ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে ২৭ জনকৈ লোকে, কেইবাজনো আহত…

ৰাজধানী দিল্লীত ভয়ংকৰ ঘটনা।

শুকুৰবাৰে দিল্লীৰ মুন্দাকা অঞ্চলত এটা অট্টালিকাত সূত্ৰপাত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ।

এই অগ্নিকাণ্ডৰ ফলত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে ২৭ জনকৈ লোকে।

এই অগ্নিকাণ্ডৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা।বৰ্তমানেও হাস্পতালত মৃত্যুৰে যুঁজিছে বহু কেইগৰাকী লোকে।

এই অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে কম সময়তে সকলো অট্টালিকাটোত থকা সা-সম্পত্তি জ্বলি চাই হৈ যায়।

জানিব পৰা মতে, মৃত সমূহৰ ভিতৰত মহিলাৰ সংখ্যা বেছি বুলি জানিব পৰা গৈছে।

ভৱনটোৰ দুটা মহলাৰ পৰা প্ৰায় ৬০-৭০ জন লোকক উদ্ধাৰ কৰা হৈছে।

এই ভয়ংকৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে।

9Vyu3pY1?format=jpg&name=small

প্রতিগৰাকী নিহতৰ পৰিয়াললৈ ২লাখ টকাৰ সাহায্য ঘোষণা।

ঘটনাত আহত সকললৈ চিকিৎসাৰ বাবে ৫০হাজাৰ টকাৰ সাহায্য।

শুক্ৰবাৰে আৱেলি প্ৰায় ৪.৪৫ বজাত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

জানিব পৰা মতে, অট্টালিকাটোত প্ৰথমে প্ৰথম মহলাত জুই লাগে। পাছত দ্বিতীয় আৰু তৃতীয় মহলালৈ জুই বিয়পি পৰে। যাৰ বাবেই লোক সকলৰ ওলাই অহা বাট বন্ধ হৈ পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *