আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত উত্তাল প্ৰতিবাদ কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ…

গুৱাহাটী মহানগৰীৰ TC পইন্টত অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বানত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ অৱস্হান ধৰ্মঘট কাৰ্যসূচী।

ৰাজ্যত অত্যধিক হাৰত বৃদ্ধি পোৱা পেট্ৰ’লজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ।

মুল্যবৃদ্ধি ৰোধ কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক,বিধায়ক কিনা বেচা বন্ধ কৰক, বিজেপি হায় হায় আদি শ্ল’গান দি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে কংগ্ৰেছে।

প্ৰতিবাদত অংশ লয় কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ, কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই।

ৰেকিবুদ্দিন আহমেদৰ দাবী, নিৰ্বাচনৰ পূৰ্বে পেট্ৰ’ল-ডিলেজৰ দাবীকে ধৰি খাদ্য-সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰনৰ আশ্বাস দিছিল মোদী চৰকাৰে৷ কিন্তু কেন্দ্ৰত ৭ বছৰৰ অধিক সময় চৰকাৰ দখল কৰাৰ পিছতো সামান্যতমো পৰিৱৰ্তন নাহিল৷ বিপৰীতে দৈনিক বৃদ্ধি পাইছে সামগ্ৰীৰ মূল়্য৷

লগতে কয়- একেদেৰে নিবনুৱা সমস্যা, নাৰীৰ নিৰাপত্তা বৃদ্ধি সমস্যা ৰূপে দেখা দিছে অসমত৷ এইক্ষেত্ৰত মাথোঁ ৰাজ্যৰ বিজেপি চৰকাৰ ভাষণত ব্যস্ত আছে৷ নাই সামান্যতম উন্নয়ন৷

Leave a Comment