অসম

থাওৰাত বিজেপিৰ কোনো প্ৰতিদ্বন্দ্বী নাই, অখিলে বহুত গ’ল খাবঃ ভৱেশ কলিতা…

ৰাজ্যত বলিছে এতিয়া উপ নিৰ্বাচনৰ গৰম বতাহ।

উপ নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল।

উপ নিৰ্বাচনত পাঁচোখন আসন নিজৰ দলখত আনিবলৈ তৎপৰ হৈছে ৰাজ্যিক বিজেপি।

বুধবাৰে থাওৰাৰ তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা।

বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপিৰ সভাপতিগৰাকীয়ে।

তেওঁ সমষ্টিটোৰ ৰজাবাৰী, দুপনি আৰু শুকান পুখুৰীত অনুষ্ঠিত হোৱা নিবাৰ্চনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷

সভাত অংশগ্ৰহণ কৰি ভৱেশ কলিতাই কয় যে, থাওৰা সমষ্টিত বিজেপি দলৰ কোনো প্ৰতিদ্বন্দ্বী নাই৷ কমিটিৰ সৈতে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা কৰাৰ লেখীয়াহে হৈছে।

আনহাতে অখিল গগৈ সন্দৰ্ভত সভাপতিগৰাকীয়ে কয়- অখিল গগৈ বহু দূৰত আছে৷ খেলত তেওঁ বহুত গ’ল খাব। বিজেপিৰ প্ৰতিটো বলেৰে অখিল গগৈক গ’ল দিয়া হ’ব।

নিৰ্বাচনী প্ৰচাৰ সভাত সভাপতি ভৱেশ কলিতাৰ সৈতে মন্ত্ৰী যোগেন মহন আৰু বহু কেইগৰাকী বিধায়ক উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *