নিউজ ডেস্কঃ বিশ্বৰ অন্যতম ধনী ক্ৰিকেটাৰ সকলৰ ভিতৰত এজন তেওঁ। সাধাৰণ জ্বৰ-চৰ্দি হলেও তেওঁৰ যত্ন ল’বলৈ আছে অভিজ্ঞ চিকিৎসক। কিন্তু তাৰ পিছতে পথৰ দাঁতিত বহি ৰোগীৰ চিকিৎসা কৰা আয়ুৰ্বেদিক চিকিৎসকৰ দ্বাৰা যেতিয়া তেওঁ তেওঁৰ ৰোগৰ চিকিৎসা কৰে, তেতিয়া সেয়া স্বাভাৱিকতে চৰ্চাৰ বিষয় হৈ পৰে।
ভাৰতীয় ক্ৰিকেটদলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে পথৰ কাষৰ এগৰাকী আয়ুৰ্বেদিক চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰালে তেওঁৰ দীৰ্ঘদিনীয়া আঁঠুৰ বিষৰ চিকিৎসা।
বৰ্তমানৰ ৪১ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে তেওঁৰ আঁঠুৰ বিষ নিৰাময়ৰ বাবে এখন সৰু চহৰৰ এগৰাকী অখ্যাত চিকিৎসকৰ ওচৰত বৈদিক চিকিৎসা গ্ৰহণ কৰিছে।

জানিব পৰা মতে, ধোনীয়ে তেওঁৰ গৃহভূমি ৰাঁচীৰ বৈদ্য বন্ধন সিং নামৰ এগৰাকী আয়ুৰ্বেদিক চিকিৎসকৰ ওচৰত চিকিৎসা গ্ৰহণ কৰে। উল্লেখ্য যে, বৈদ্য বন্ধন সিঙে দীৰ্ঘ সময়ৰ পৰা পথৰ দাঁতিৰ গছৰ তলত বহি ৰোগীৰ চিকিৎসা কৰি আহিছে। তেওঁ ৰোগ নিৰাময়ৰ বাবে বিভিন্ন বনৌষধি ব্যৱহাৰ কৰে।
ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ জনপ্ৰিয় ক্ৰিকেটাৰ গৰাকীৰো তেওঁ বনৌষধিৰে চিকিৎসা কৰে। ধোনীক প্ৰদান কৰা এটা ঔষধৰ পালিৰ বাবদ তেওঁ লয় ৪০ টকা।

জানিব পৰা মতে, ধোনীৰ পিতৃ-মাতৃয়েও এইগৰাকী আয়ুৰ্বেদিক চিকিৎসকৰ পৰাই বিভিন্ন ৰোগৰ চিকিৎসা কৰি আহিছিল। তেওঁ প্ৰদান কৰা ঔষধ গ্ৰহণ কৰিয়েই পিতৃ-মাতৃ আৰোগ্য হোৱাত ধোনীয়েও বৈদ্য বন্ধন সিঙৰ চিকিৎসা গ্ৰহণ কৰে।
ধোনীৰ বিষয়ে চিকিৎসকগৰাকীয়ে কয়, “ধোনী কোনো ধৰণৰ আড়ম্বৰ অবিহনে সাধাৰণ ৰোগীৰ দৰে আহে। এজন চেলিব্ৰিটি হোৱাৰ বাবে তেওঁৰ কোনো গৌৰৱ নাই। অৱশ্যে, এতিয়া প্ৰতি চাৰি দিনৰ মূৰে মূৰে, ধোনীৰ আগমনৰ খবৰে তেওঁৰ অনুৰাগীসকলক ইয়াত একত্ৰিত কৰে। সেয়েহে এতিয়া ধোনীয়ে তেওঁৰ গাড়ীৰ ভিতৰত বহিয়েই চিকিৎসাৰ বাবে অপেক্ষা কৰিবলগীয়া হয়।’’
উল্লেখ্য যে, চেন্নাই চুপাৰ কিংছৰ অধিনায়কৰ ৰাঁচীৰ ওচৰৰ এখন সৰু চহৰ ভ্ৰমণে সকলোৰে মনোযোগ আকৰ্ষণ কৰিছে।









