পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ।
এইবাৰ শিলচৰ আৰক্ষীৰ গুলীত নিহত দুটাকৈ কুখ্যাত ডকাইত।
নিহত ডকাইত দুজন হৈছে- কামৰুল ইছলাম, আমৰুল হুছেইন।
কিছুদিন পূৰ্বে যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল কামৰুল ইছলামক। আনহাতে আমৰুলৰ বিৰুদ্ধেও আছে বহু ডকাইতিৰ গোচৰ।

শিলচৰ সহ কাছাৰৰ বিভিন্ন থানাত কামৰুল আৰু আমৰুলৰ বিৰুদ্ধে ডকাইতিৰ গোচৰ ৰুজু হৈ আছিল।
নিশা দুই ডকাইত লগত লৈ কাটিগড়াৰ গুমড়াত তদন্তৰ কাৰনে উপস্থিত হৈছিল আৰক্ষী৷
কিন্তু উভতি অহাৰ সময়ত আৰক্ষীৰ পৰা পলায়নৰ চেষ্টা কৰে ডকাইত দুই জনে৷
সেই সময়ত আৰক্ষীয়ে কামৰুল আৰু আমৰুলক লক্ষ্য কৰি গুলি চলাই৷
যাৰ ফলত নিহত হয় ডকাইত দুটা। বৰ্তমানে শিলচৰ মেডিকেল কলেজ হাস্পতালত ৰখা হৈছে দুয়োৰে মৃতদেহ৷









