অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুক্তহত্যাৰ পৰিৱেশ আৰম্ভ কৰিছেঃ লুৰীণজ্যোতি গগৈ…

শনিবাৰে নিশা নগাঁৱত আৰক্ষীৰ গুলীত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰা আহত হোৱা ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আৰক্ষীৰ এণ্টি নাৰ্কোটিক স্কোৱাডে চলোৱা গুলীত আহত হয় কীৰ্তিকমল।

সোঁভৰিত গুলী লগা ছাত্ৰ নেতাজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে নিশাই কীৰ্তিকমল বৰাক GMCH ত ভৰ্তি কৰোৱা হয়।

এই ঘটনাক তীব্ৰ গৰিহণা দিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

ৰাজ্যত প্ৰায়েই সংঘটিত হৈ অহা এনকাউণ্টাৰৰ ঘটনাক তীব্ৰ সমালোচনা কৰে লুৰীণজ্যোতি গগৈয়ে।

তেওঁ কয়- এনকাউন্টাৰৰ জৰিয়তে অসমত মুক্তহত্যাৰ সূচনা কৰিছে আৰক্ষীয়ে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অমসত মুক্তহত্যাৰ পৰিৱেশ আৰম্ভ হৈছে বুলিও মন্তব্য কৰে লুৰীণে।

তেওঁ লগতে কয়- গুপ্তহত্যাৰ আৰ্হিত অসমত হিমন্ত চৰকাৰে আৰম্ভ কৰিছে মুক্তহত্যা। বাচি বাচি যুৱ-ছাত্ৰক টাৰ্গেট কৰা হৈছে।ৰাজ্যত ভয় আৰু ত্ৰাসৰ পৰিৱেশ সূচনা কৰাৰ বাবেই আৰম্ভ কৰা হৈছে এই মুক্তহত্যা৷

লগতে কীৰ্তিকমল বৰাক সম্পূৰ্ণ পৰিকল্পিক ভাৱে গুলীওৱা হৈছে বুলি সদৰি কৰি কয়- মুখ্যমন্ত্ৰীয়ে অসমত এটা বিশেষ পেটাৰ্ণ তৈয়াৰ কথা যি কৈ আহিছে, সেই সমগ্ৰ প্ৰক্ৰিয়াটোৱে অসমত আইনৰ অৱসান ঘটাই এক জংঘলৰাজ সৃষ্টি কৰিব। তাৰোপৰি এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ যোগেদি অসমত মুক্তহত্যাৰ এটা পৰিৱেশ ইতিমধ্যে আৰম্ভ হোৱাৰ আমি উকমুকনি দেখিবলৈ পাইছো।

অসমত গণতান্ত্ৰীক সংগ্ৰামৰ পৰিৱেশ আৰু প্ৰতিবাদী সত্বাৰ নিঃশেষ কৰাৰ বাবেই চৰকাৰৰ এই কূটকৌশল ৰচনা কৰিছে বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে।

Leave a Comment