ৰাষ্ট্ৰীয়

অৱশেষত লোকসভাৰ সাংসদ পদ ত্যাগ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই…

অৱশেষত লোকসভাৰ সাংসদ পদ ত্যাগ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰি সাংসদ পদ ত্যাগ কৰাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰে বাবুল সুপ্ৰিয়াই।

ইয়াৰ পিছতে সাংবাদিকৰ আগত তেওঁ কয়- মোৰ হৃদয় আজি গধুৰ হৈ পৰিছে। বিজেপি ত্যাগ কৰিবলগীয়া হোৱাত মই দুখ পাইছো। কাৰণ দলটোৱে মোক ৰাজনৈতিক ক্ষেত্ৰ খনত নিজকে প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল।

উল্লেখ্য যে, শেহতীয়াকৈ মোদীৰ চৰকাৰৰ পৰা সুপ্ৰিয়ক অপসাৰণ কৰা হৈছিল।

ইয়াৰ পিছতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা বাবুল সুপ্ৰিয়ই ১৮ ছেপ্তেম্বৰত আনুষ্ঠানিক ভাবে তৃণমূল কংগ্ৰেছত যোগদান কৰে।

কেন্দ্ৰীয় পৰ্যটন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত থকা বাবুল সুপ্ৰিয়ক তেওঁৰ মন্ত্ৰিত্ব এৰিবলৈ কোৱা হৈছিল।

ইয়াৰ পিছতে বিজেপিত নিজৰ ৰাজনৈতিক ভৱিষ্যত বিশেষ সুৰক্ষিত নহয় বুলি অনুভৱ কৰিয়েই বাবুল সুপ্ৰিয়ই তৃণমূল কংগ্ৰেছত যোগদানৰ সিদ্ধান্ত লয় বুলি চৰ্চা চলিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে ৪৩ খন নতুন মুখৰ সংযোগেৰে তেওঁৰ মেন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা বাদ পৰিছিল বাবুল সুপ্ৰিয়।

Leave a Reply

Your email address will not be published. Required fields are marked *