অসমীয়া ভাষাক অপমানঃ জড়িত থকাৰ অভিযোগ অস্বীকাৰ বঙালী সংগঠন BDYFৰ…

অসমতেই অসমীয়াৰ বিৰুদ্ধে চলিছে ভয়ংকৰ চক্ৰান্ত! জাতিটোক কেঁকোৰা চেপা দি চেপিবলৈ ধৰিছে এক অসমীয়া বিদ্বেষী চক্ৰই।

গৰুখুঁটি কাণ্ডৰ প্ৰসংগক লৈ অসম আন্দোলনৰ শ্বহীদক অপমানৰ পাছত এইবাৰ বৰাকত অসমীয়া ভাষাৰ বিৰুদ্ধে হুংকাৰ দিলে একাংশ বঙালী সংগঠনে।

বৰাকত অসমীয়া ভাষাৰ চৰকাৰী বেনাৰত সানিলে কলা ৰং।

কিন্তু চৰকাৰী আঁচনিৰ অসমীয়া বেনাৰত ক’লা চিয়াঁহী সানি দিয়াৰ ঘটনাক অস্বীকাৰ কৰিছে ঙালী সংগঠন BDYFএ।

আৰক্ষী জেৰাত এই ঘটনা সংঘটিত কৰা বুলি অস্বীকাৰ কৰিছে BDYFৰ মুৰব্বী প্ৰদীপ দত্তৰয়ে৷

শিলচৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত প্ৰদীপ দত্তৰয়ক জেৰা চলোৱা হয়।

উল্লেখ্য যে, ৰে’ল ষ্টেছন সহ বিভিন্ন ঠাইত থকা অসমীয়া বেনাৰ-পোষ্টাৰত ক’লা চিয়াঁহী দি মুছি দিয়াৰ ঘটনাক লৈ প্ৰদীপ দত্তৰয়ক সোধপোছ কৰে আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰে।

বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্ট আৰু বৰাক ডেম’ক্ৰেটিক য়ুথ ফ্ৰণ্টে বৰাক উপত্যকাৰ বহুকেইখন বেনাৰ-পোষ্টাৰত ক’লা ৰং সানি দিয়া বুলি অভিযোগ উত্থাপিত হৈছিল আৰু ইয়াৰ পাছতে কাছাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা সংগঠন দুটাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

কিন্তু জেৰাৰ সময়ত প্ৰদীপ দত্তৰয়ে উক্ত ঘটনাৰ সৈতে বি ডি ওৱাই এফ জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে।

Leave a Comment