অৱশেষত গ্ৰেপ্তাৰ হ’ল শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউট…

অৱশেষত গ্ৰেপ্তাৰ হ’ল শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউট।

তদন্ত প্ৰক্ৰিয়াত অসহযোগিতাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে সাংসদগৰাকীক।

৬ঘণ্টাতকৈ অধিক সময় ধৰি চলোৱা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় সাংসদগৰাকীক।

উল্লেখ্য যে, দেওবাৰে সাংসদ সঞ্জয় ৰাউটৰ বাসগৃহত EDয়ে চলাইছিল তালাচী।

৯ ঘণ্টাজোৰা তালাচীত উদ্ধাৰ হৈছিল ১১ লাখ ৫০ হাজাৰ নগদ ধন।

পাত্ৰা চল নামৰ এক ভূমি কেলেংকাৰিৰ গোচৰত সাংসদগৰাকীৰ বাসগৃহত চলোৱা হৈছিল তালাচী।

জানিব পৰা মতে, শিৱসেনাৰ সাংসদগৰাকীক মুম্বাইৰ এখ বিশেষ পিএমএলএ আদালতত হাজিৰ কৰোৱা হ’ব আৰু ইডিয়ে তেওঁক জিম্মাত বিচাৰিব।

ইপিনে ইডি কাৰ্যালয়ৰ বাহিৰত সাংসদগৰাকীয়ে কয়- ইডিয়ে মোক গ্ৰেপ্তাৰ কৰিবলৈ গৈ আছে। মোক গ্ৰেপ্তাৰ কৰা হৈছে। হাৰ নামানো।