দেশত প্ৰথমটো মাংকিপক্সৰ মৃত্যুৰ ঘটনা, মৃত্যুক সাৱটিলে এগৰাকী ২২ বছৰীয়া যুৱকে…

দেশত প্ৰথমটো মাংকিপক্সত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে।

মাংকিপক্সত আক্ৰান্ত হৈ কেৰালাৰ ত্ৰিচুৰত এগৰাকী ২২ বছৰীয়া যুৱকে মৃ্ত্যুক সাৱটিলে।

কেইবাদিনো হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পাছত অৱশেষত তেওঁৰ মৃত্যু হয় যুৱকজনৰ।

উল্লেখ্যে যে এই ব্যক্তিগৰাকী কিছুদিন পূৰ্বে আৰব ভ্ৰমণ কৰিছিল।

আৰবৰ পৰা অহাৰ পিছতে তেওঁৰ দেহত মাংকিপক্সৰ উপস্থিতি ধৰা পৰিছিল।

ত্ৰিচুৰৰ পুনিয়ুৰৰ বাসিন্দা ২২ বছৰীয়া যুৱকজন ইউ.এ.ই.ৰ পৰা উভতি অহাৰ কেইদিনমান পিছতে এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুবৰণ কৰে।

পৰৱৰ্তী সময়ত, স্বাস্থ্য বিভাগে যুৱকজনৰ নমুনা আলাপুঝাৰ ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠানৰ কেৰালা গোটলৈ প্ৰেৰণ কৰে।

কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি, বিদেশত কৰা পৰীক্ষাত যুৱকজন মাংকিপক্সত আক্ৰান্ত বুলি ধৰা পৰিছিল, কিন্তু তেওঁৰ পৰিয়ালে শনিবাৰেহে পৰীক্ষাৰ ফলাফল চিকিৎসালয় কৰ্তৃপক্ষক হস্তান্তৰ কৰিছিল।

উল্লেখ্য যে, ভাৰতবৰ্ষত এতিয়ালৈকে মাংকিপক্সৰ চাৰিটা ঘটনা নিশ্চিত কৰা হৈছে। ইয়াৰে তিনিটা কেৰালাৰ আৰু এটা ৰাজধানী দিল্লীৰ।

সমগ্ৰ বিশ্বজুৰি প্ৰায় ৮০ খন দেশত ২২ হাজাৰ লোকৰ দেহত এই ৰোগ ধৰা পৰিছে।