অৱশেষত আৰম্ভ হ’ল অনিমেশ ভূঞা হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া…

নিউজ ডেস্ক। অৱশেষত আৰম্ভ হ’ল অনিমেশ ভূঞা হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া।

যোৰহাট চহৰৰ মাজ-মজিয়াত দিন দূপৰতে সংঘটিত হোৱা অনিমেশ ভূঞা হত্যাকাণ্ডৰ বৃহস্পতিবাৰে পৰা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়।

এই বিচাৰ প্ৰক্ৰিয়াৰ বাবে অসম চৰকাৰে চৰকাৰী অধিবক্তা হিচাপে যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামীক নিযুক্তি দিছে।

464
অৱশেষত আৰম্ভ হ’ল অনিমেশ ভূঞা হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া... 3

বিগত বৰ্ষৰ ২৯ নৱেম্বৰত যোৰহাট চহৰত অনিমেশ ভূঞা হত্যাকাণ্ড সংঘটিত হৈছে।

একাংশ উন্মত্ত লোকে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰিছিল অনিমেশ ভূঞাক।

ইতিমধ্যে অনিমেশ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নিৰজ দাস আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছে।

অধিবক্তা ৰিণ্টু গােস্বামীয়ে প্ৰকাশ কৰা অনুসৰি, এই হত্যাকাণ্ডৰ লগত ১৪ ব্যক্তিক অভিযুক্ত হিচাপে চিহ্নিত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু মুঠ ৯২জন লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল।

উক্ত ৯২ জন সাক্ষীৰ সাক্ষ্য আদালতত গ্ৰহণ কৰা হ’ব আৰু দোষীয়ে দৃষ্টান্তমূলক শাস্তি যাতে পায়, তাৰ বাবে চেষ্টা কৰা হ’ব।

এই হত্যাকাণ্ডত ১৪ গৰাকী অভিযুক্ত আছিল যদিও ইয়াৰে ক’লা ল’ৰা ওৰফে নীজ দাসৰ ইতিমধ্যে মৃত্যু হৈছে। ১৪ জনৰ আন এজন অভিযুক্ত নাবালক।

ইফালে, হত্যাকাণ্ডৰ ৯২গৰাকী সাক্ষী আছে যদিও সাক্ষীৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

এই ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে বিৰামহীনভাৱে তদন্ত কৰাৰ পিছত যোৱা ১৭ জানুৱাৰীত জিলা সত্ৰ ন্যায়াধীশৰ আদালতত দাখিল কৰিছিল চার্জশীট।

আদালতত দাখিল কৰা হৈছিল ৮৮০ পৃষ্ঠাৰ কেছ ডায়েৰী, য’ত ৩৩৯ পৃষ্ঠা চার্জশ্বীট হিচাপে অন্তর্ভু ক্ত হৈ আছে।

২৯ নৱেম্বৰত যোৰহাট নগৰৰ মাজমজিয়াৰ ট্রাক ষ্টেণ্ডত এচাম মানৱৰূপী পশুৱে ছাত্রনেতা অনিমেষ ভূঞাক মৰিয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে ২৬২০/২১ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১৪৭/১৪৮/ ১৪৯/৩২৬/৩০৭/৩০২ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল।

সাক্ষ্য গ্ৰহণ কৰাৰ পিছত চার্জশ্বীটত ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ১০৯/ ১১৭/ ১৪৩/ ১৪৭/১৪৮/১৪৯/ ৩৪১/ ৩২৫/৩২৬/৩০৭/৩০২/৩৪ ধাৰা সন্নিৱিষ্ট কৰা হয়।

লগতে চাওকঃ

কোকৰাঝাৰৰ অভয়াখুঁটিৰ লোমহৰ্ষক ধৰ্ষণ- হত্যাকাণ্ডৰ ৩ অপৰাধীক ফাঁচীৰ ৰায় আদালতৰ

G3 7
অৱশেষত আৰম্ভ হ’ল অনিমেশ ভূঞা হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া... 4

Leave a Comment