ৰাশিফলঅসমীয়া

চাওক আপােনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ৮ এপ্ৰিল, শুকুৰবাৰ

মেষ ৰাশি- অবাঞ্ছিত ভ্ৰমণ আপোনাৰ বাবে আজি ক্লান্তিকৰ প্ৰমাণিত হ’ব আৰু অসুবিধাৰ কাৰণ হ’ব পাৰে। সঞ্চয়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। পৰিয়ালত সদ্ভাৱ থাকিব। আপুনি আজি গ্ৰহণ কৰা কোনো সিদ্ধান্তই আপোনাৰ লগতে পৰিয়ালকো উপকৃত কৰিব। পত্নীৰ সৈতে ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ব্যৱসায়ী সকলৰ বাবে দিনটো শুভ।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

বৃষ ৰাশি- আজি আপোনাৰ বাবে এক ভাল দিন হ’ব। কৰ্মত সফলতা লাভ কৰিবলৈ সক্ষম হব। অযথা তৰ্কত লিপ্ত হোৱাৰ পৰা আজি আঁতৰি থাকক, অন্যথা ইয়ে আপোনাৰ ক্ষতি কৰিব পাৰে। ক্ষুদ্ৰ ব্যৱসায়ীসকলে এক বৃহৎ কোম্পানীৰ সৈতে অংশীদাৰী হোৱাৰ সুযোগ লাভ কৰিব পাৰে। মাতৃৰ পৰা ধন লাভ কৰিব পাৰে। অৱশ্যে আজি ঘৰুৱা ব্যয় পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাব।

মিথুন ৰাশি- দীৰ্ঘদিনৰ পৰা পৰিকল্পনা কৰি থকা কোনো কাম আজি আপুনি সম্পন্ন কৰিব পাৰে। বিত্তীয় পৰিস্থিতি উন্নত হব। ব্যৱসায়ত ব্যক্তিগত সম্পৰ্কই হেঙাৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালত সদ্ভাৱ থাকিব। পিতৃ-মাতৃৰ পৰা আজি আপুনি পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপুনি আশা কৰা ধৰণে ফলাফল লাভ কৰিব পাৰে। পৰিস্থিতিৰ বাধ্য হৈ আপুনি পূৰ্বৰ কোনো সিদ্ধান্ত সলনি কৰিবলগীয়া হব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- বন্ধুৰ উদাসীনতাই আপোনাক আমনি কৰিব। কিন্তু নিজকে শান্ত ৰাখক। মানসিক চাপ আৰু ক্ৰোধ এৰাই চলক। আপোনাৰ অধিক ব্যয়ে আৰ্থিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ত কোনো গুৰুত্বপূৰ্ণ সিদান্ত আজি গ্ৰহণ নকৰাই ভাল। পৰিকল্পনা অনুসৰি কোনো কাম সম্পূৰ্ণ হৈ নুঠাত আপুনি বিৰক্ত অনুভৱ কৰিব পাৰে। পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হব। ভ্ৰমণৰ যোগ আছে।

সিংহ ৰাশি- আজি আপোনাৰ বাবে পৰিয়াল আৰু কেৰিয়াৰৰ মাজত ভাৰসাম্য ৰখাটো অতি সহজ হ’ব। একে সময়তে, আজি ঘৰত আপুনি কাৰোবাৰ বিভ্ৰান্তিৰ অনুভূতি আঁতৰ কৰিব পাৰিব। নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব বিচৰা সকলৰ বাবে আজিৰ দিনটো শুভ। সামাজিক মৰ্যাদা বৃদ্ধি পাব। অৱশ্যে অজ্ঞাত শত্ৰুৰ পৰা আজি আপুনি সাৱধানে থকা উচিত। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে।

কন্যা ৰাশি- আজি আপুনি কামৰ ক্ষেত্ৰত নতুন মাত্ৰা লাভ কৰিবলৈ সক্ষম হব। ইয়াৰ লগতে, আজি আপুনি এজন পুৰণি বন্ধু বা আত্মীয়ক লগ পাব পাৰে। আজি আপুনি আগৰ তুলনাত সুখী অনুভৱ কৰিব। পুৰণি পাবলগীয়া ধন আজি আপুনি লাাভ কৰিব পাৰে। একে সময়তে, আপুনি আপোনাৰ কামই আজি আপোনাক প্ৰশংসিত কৰিব। ব্যৱসায়ী সকলে দীৰ্ঘদিনৰ পৰা কৰি অহা বিনিয়োগে আজি লাভাৱাম্বিত কৰিব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- মানসিক চাপ স্বত্বেও আপোনাৰ স্বাস্থ্য ভাল হ’ব। মানুহে আপোনাৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰতি মনোযোগ দিব আৰু আজি আপুনি ইয়াৰ পৰা কিছু অৰ্থনৈতিক লাভালাভ পাব পাৰে। ভাতৃৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব। দায়িত্ব সঠিককৈ পালন নকৰাৰ বাবে আৰু আৰ্থিক কাৰণত আপোনাৰ বৈবাহিক জীৱন তিক্ততাপূৰ্ণ হব পাৰে।

বৃশ্চিক ৰাশি- আজি আপোনাৰ বাবে অতি ভাল দিন হ’ব। আজি ব্যৱসায়িক অংশীদাৰৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হব পাৰে। সুস্বাদু খাদ্যৰ প্ৰতি আজি আপোনাৰ প্ৰৱণতা বৃদ্ধি পাব। বাহিৰত খাদ্য গ্ৰহণ কৰিবলৈ যাব পাৰে। চাকৰিয়ালসকলে পদোন্নতিৰ সুযোগ লাভ কৰিব। কিন্তু কৰ্মক্ষেত্ৰত আজি আপুনি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হব লাগিব। পত্নীৰ পৰা সমৰ্থন লাভ কৰিব।

ধনু ৰাশি- পৰিয়ালত শান্তিৰ পৰিৱেশ থাকিব। শিশুৰ পৰা লাভ কৰা খবৰে আজি আপোনাক আনন্দিত কৰি ৰাখিব পাৰে। আত্মবিশ্বাস বৃদ্ধি পাব, যাৰ বলত আপুনি দৃঢ়তাৰে প্ৰত্যাহ্বানৰ মুখামুখি হব পাৰিব। কৰ্মক্ষেত্ৰত সহযোগী আৰু উচ্চ বিষয়াৰ সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ যতন লওক। ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত হব পাৰে। সংগীতৰ সৈতে জড়িত সকলৰ বাবে দিনটো বিশেষভাৱে শুভ।

মকৰ ৰাশি- নেতিবাচক চিন্তা এৰাই চলক। বন্ধু আৰু পৰিয়ালৰ সহযোগত কঠিন পৰিস্থিতিৰ পৰা আপুনি সহজে ওলাই আহিব পাৰিব। গুৰুত্বপূৰ্ণ বিনিয়োগৰ সিদ্ধান্ত আজি এটা দিনৰ বাবে এৰাই চলক। পৰিয়ালত সদ্ভাৱ বৃদ্ধি পাব। আপোনাৰ কৰ্মচেতনাই আজি আনক আকৰ্ষণ কৰিব পাৰে। ঘৰলৈ পিতৃ পক্ষৰ কোনো আলহী আহিব পাৰে। মাতৃ আৰু পত্নীৰ স্বাস্থ্যৰ যতন লওক।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- পৰিয়ালৰ এজন সদস্যৰ সৈতে বিবাদ ঘটিব পাৰে। খং পৰিহাৰ কৰক। যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে তাৰ ভাল-বেয়া দুয়োটা দিশ ভালদৰে বিচাৰ কৰক। ব্যৱসায়ী সকলে আজি ভ্ৰমণ কৰিবলগা হ’ব পাৰে। কৰ্মক্ষেত্ৰত অনুকুল পৰিৱেশ থাকিব। বাহন আদি ক্ৰয় কৰাৰ যোগ আছে। ব্যয় বৃদ্ধি পাব। সামাজিক স্থানত গ’লে যদি আপুনি মিতভাষী নহয়, তেন্তে সন্মান লাঘৱ হোৱাৰ সম্ভাৱনা আছে।

মীন ৰাশি- আজি আপোনাৰ কৰ্মস্থানত কামৰ বিষয়ে মতভেদ হ’ব পাৰে। নতুন মানুহৰ সৈতে কাম কৰাটো সহজ হ’ব। নতুন চুক্তিৰ প্ৰতি সাৱধান হওক। যিকোনো পৰিস্থিতিত ধৈৰ্য্য ধৰক। স্থগিত হৈ থকা কাম সম্পূৰ্ণ কৰিবলৈ যাওতে সমস্যাৰ সন্মুখীন হব লাগিব পাৰে। আপুনি কি কৰিব বিচাৰে সেই বিষয়ে সাৱধানে চিন্তা কৰক আৰু আপোনাৰ চিন্তাবোৰ স্পষ্ট ৰাখক। পত্নীৰ সৈতে মতভেদ ঘটিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *