অহা ২৭ ছেপ্তেম্বৰত ভাৰত বন্ধৰ আহ্বান।
শুক্ৰবাৰে সংযুক্ত কিষাণ মৰ্চাই (এছ কে এম) বিতৰ্কিত তিনি কৃষি আইনৰ বিৰুদ্ধে ২৭ ছেপ্টেম্বৰত আহ্বান জনাইছে ‘ভাৰত বন্ধ’ৰ।
পুৱা ৬ বজাৰ পৰা আবেলি ৪ বজালৈকে আহ্বান কৰা হৈছে এই বন্ধৰ।
সংগঠনটোৱে কয় যে ভাৰত বন্ধ শান্তিপূৰ্ণ হ’ব আৰু প্ৰতিবাদকাৰী কৃষকসকলে নিশ্চিত কৰিব যে যাতে জনসাধাৰণে কম অসুবিধাৰ সন্মুখীন হ’ব।
এছ কে এমে এক বিবৃতিত কোৱা অনুসৰি, এই বন্ধৰ সময়ছোৱাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কাৰ্যালয়, বজাৰ, দোকান, কাৰখানা, বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহক কাম কৰিবলৈ অনুমতি দিয়া নহ’ব।
ৰাজহুৱা আৰু ব্যক্তিগত পৰিবহনৰ অনুমতি দিয়া নহ’ব বুলিও লগতে বিবৃতিটোত কোৱা হৈছে।
বন্ধৰ সময়ত কেৱল এম্বুলেন্স আৰু অগ্নি নিৰ্বাপক সেৱাকে ধৰি জৰুৰীকালীন সেৱাসমূহকহে কাম কৰিবলৈ অনুমতি দিয়া হ’ব।









