বিশ্বকৰ্মা পূজাৰ নিশাই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটিলে ২ যুৱকে, গুৰুতৰভাৱে আহত দুজন…

বিশ্বকৰ্মা পূজাৰ নিশাই ভয়ংকৰ পথ দুৰ্ঘটনা।

ভয়াৱহ দুৰ্ঘটনাটোৰ ফলত মৃত্যুক আকোৱালি লয় ২গৰাকী যুৱকে।

আনহাতে গুৰুতৰ ভাৱে আহত হয় আন দুগৰাকী যুৱক।

জানিব পৰা মতে, উৰিয়াগাঁৱৰ পৰা নগাঁও চহৰত দিশে আহি থকা এখন তীব্ৰবেগী ছুইফট বাহনে ডিমৰুগুৰিৰ ওচৰত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে গছত খুন্দা মাৰে।

ফলত বাহন খনত থকা এগৰাকী যুৱক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন তিনিগৰাকী।

নিহত যুৱকজনক ডিব্ৰুগড়ৰ হিমাংশু কাকতি বুলি জানিব পৰা গৈছে।

আনহাতে গুৰুতৰ ভাৱে আহত ৰাধাগোবিন্দ বৰা, মানৱজ্যোতি শইকীয়া আৰু চিনাছু আগৰৱালাক প্ৰথমে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।

কিন্তু গুৱাহাটীলৈ নিয়াৰ পথতে পুৰণিগুদামৰ ৰাধা গোবিন্দ বৰা নামৰ যুৱকজনেও মৃত্যুক সাৱতি লয়।

আনহাতে সংকটজনক অৱস্থাত বৰ্তমানেও চিকিৎসাধীন হৈ আছে আন দুই যুৱক।

প্ৰত্যক্ষদৰ্শীৰ মতে, দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, গছত খুন্দা মৰাৰ পিছত দুৰ্ঘটনাগ্ৰস্ত বাহন খন দুটুকুৰা হৈ গৈছিল।

Leave a Comment