
অহা ২৩ জুনলৈ সকলাে শিক্ষানুষ্ঠান বন্ধ থাকিব এইখন জিলাত…
নিউজ ডেস্ক। ৰাজ্যত বহু জিলাত এতিয়াও বিপদ সীমাৰ ওপৰেৰে বৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী।
ইয়াৰ উপৰি নৈ-উপনৈসমূহৰ জলস্তৰাে এতিয়াও বিপজ্জনক হৈয়ে আছে।
ইয়াৰ মাজতে বৰঝাৰ স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ৩-৪ দিনলৈ ৰাজ্যত মুষলধাৰ বৰষুণ অব্যাহত থকাৰ আগজাননী প্ৰদান কৰিছে।

এই পৰিপ্ৰেক্ষতিতে নলবাৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে অহা ২৩ জুনলৈ সকলাে শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে।

বিভাগীয় নিৰ্দেশনাৰ জৰিয়তে সকলাে চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা দুয়ােখন জিলাৰ উপায়ুক্তৰ।

অৱশ্যে পৰীক্ষা চলি থকা শিক্ষানুষ্ঠানসমূহক পৰিস্থিতি সাপেক্ষে পৰীক্ষা অনুষ্ঠনিত কৰাৰ অনুমতি প্ৰকাশ কৰিছে জিলা প্ৰশাসনে।






Pingback: বন্যাৰ্তৰ দুখৰ সমভাগী! বন্যাৰ্তৰ কাষত বহি একেলগে আহাৰ গ্ৰহণ এগৰাকী উপায়ুক্তৰ - NEWS8 NorthEast